কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্বতীকালিন সমিতি গঠনৰ পাছত অসন্তষ্টি প্ৰকাশ প্ৰাক্তন কেএলঅ সমন্বয়ৰক্ষী মঞ্চৰ

কোচৰাজবংশী জাতি জনগোষ্ঠীৰ উন্নয়ণৰ বাবে অসম চৰকাৰে গঠন কৰা কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্বতীকালিন সমিতি গঠন কৰাৰ পাছত অসন্তষ্টি প্ৰকাশ কৰিছে প্ৰাক্তন কেএলঅ সমন্বয়ৰক্ষী মঞ্চই ।

আজি দোতমা প্রেছ ক্লাবত এক সংবাদমেল অনুষ্ঠিত কৰি প্ৰাক্তন কেএলঅ সমন্বয়ৰক্ষী মঞ্চৰ বিমল বৰ্মন আৰু খগেন চন্দ্ৰ ৰায়ে কয় যে, কেএচি অন্তৰ্বৰ্তীকালিন সমিতিখন গঠন কৰাৰ পূৰ্বে প্ৰাক্তন কেএলঅ সমন্বয়ৰক্ষী মঞ্চই অসমৰ বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক কে’বাবাৰো লগ কৰি কেএচিত প্ৰাক্তন কেএলঅৰ সদস্যক মনোনীত কৰিবলৈ দাবী জনাই আহিছে । কিন্তু ইয়াৰ পাছতো এজনো সদস্য মনোনীত নকৰাত দুখ প্ৰকাশ কৰিছে ।

লগতে কয়, বিজেপিয়ে অসম বিধান সভা নিৰ্বাচনৰ আগতে কোচৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে কোচৰাজবংশী অধ্যুষিত অঞ্চলত বিজেপিৰ প্ৰৱেশ নিষিদ্ধ কৰিব ।

প্ৰাক্তন উগ্ৰপন্থী সংগঠনটোৰ নেতৃবৃন্দই কয় যে, আগন্তুক বিধানসভা নিৰ্বাচনত কেএচিক লৈ কোচৰাজবংশী জাতিটোক শান্ত কৰাব ভাবিছে বুলি নাভাবিব। আমাৰ যি দীৰ্ঘদিনীয়া দাবী পৃথক কমতাপুৰ আৰু জনজাতিকৰণ সেই দাবীৰ পৰা আধা ইঞ্চিও ফালৰি নাকাটো ।

Exit mobile version