বাগসাৰ চুক্ৰুংবাৰীত বন্যহস্তীৰ উপদ্ৰৱ

আবাস গৃহ ভাঙি খেতিপথাৰ তহিলং

WhatsApp Image 2021 02 27 at 6.14.13 PM 1

বিগত কিছুদিনৰে পৰা বাগসা জিলাৰ ভিন্ন প্ৰান্তত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ৷ বিগত চাৰি দিন পূৰ্বে জিলাখনৰ লাবদাংগুৰিত মানাহৰ বন্যহস্তীয়ে তাণ্ডৱ চলোৱাৰ পিছতে কালি নিশাও জিলাখনৰ শালবাৰীৰ চুক্ৰুংবাৰী পথাৰত মানাহৰ পৰা ওলাই অহা বন্যহস্তীৰ বৃহৎ জাক এটাই ব্যাপক ক্ষতিসাধন কৰে কৃষক ৰাইজৰ ৷

প্ৰায় ২০ জনীয়া হাতীৰ জাকটোৱে অঞ্চলটোৰ কৃষকৰ বহু বিঘা ৰঙালাউ, বিলাহী, গম, ইৰিধান আদি বিনষ্ট কৰাৰ লগতে কে’বাজনো কৃষকৰ আৱাস গৃহ ভাঙি লণ্ড-ভণ্ড কৰে ৷

ইপিনে হাতীৰ জাকটোৱে এটি ছাগলীকো আক্ৰমণ কৰাত ছাগলীটোৰ থিতাতে মৃত্যু হয়৷ অঞ্চলটোৰ কৃষকে হাতীৰ আক্ৰমণ প্ৰতিহত কৰাৰ বাবে বন বিভাগক বাৰেপতি অনুৰোধ জনাই আহিছে যদিও কোনো সুফল নোপোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

উল্লেখ্য যে কিছুদিন পূৰ্বে খাৰিজা বিজনী অঞ্চলত হাতীৰ আক্ৰমণত নিহত হৈছিল এগৰাকী লোক ৷

Exit mobile version