বাঘবৰৰ মন্দিয়া অঞ্চল ভয়াবহ ড্ৰাগছৰ কবলত

ড্ৰাগছসহ গ্ৰেপ্তাৰ দুজন যুৱক

WhatsApp Image 2021 02 27 at 7.11.37 PM 2

বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ দুৱাৰমুখ মন্দিয়া অঞ্চল সম্প্ৰতি ভয়াবহ ড্ৰাগছৰ কবলত পৰাৰ খবৰে আতংকিত কৰি তুলিছে স্থানীয় সচেতন অভিভাৱক ৰাইজক। বাঘবৰ থানাৰ অন্তৰ্গত মন্দিয়া বজাৰৰ পৰা ড্ৰাগছসহ দুজন যুৱকক মন্দিয়া আৰক্ষী চ’কীৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে বিটিএডিৰ শালবাৰী মাধবপুৰ গাঁৱৰ হৰিপদ সাহাৰ পুত্ৰ ৰাজেশ সাহা আৰু একে গাঁৱৰে লক্ষীৰাম বসুমতাৰীৰ পুত্ৰ লিটু বসুমতাৰীক মন্দিয়া বজাৰত ড্ৰাগছ বিক্ৰী কৰিবলৈ ৰৈ থকা অৱস্থাত মন্দিয়া আৰক্ষী চ’কীৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

উক্ত ধৃত যুৱক দুজনৰ বিৰুদ্ধে আজি বাঘবৰ থানাত ১৯৮৫ ৰ এনডিপিএছ আইনৰ অধীনত ভাৰতীয় দণ্ড বিধি আইনৰ ২২(বি) ধাৰাত ৭৭/২০২১ নম্বৰৰ এটি গোচৰ ৰুজু কৰিছে।

তদন্তকাৰী বিষয়া তৰুণ চন্দ্ৰ বড়োৱে ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখা বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে।

মন্দিয়াৰ দৰে অঞ্চলতো ড্ৰাগছৰ দৰে ভয়াবহ নিচা জাতীয় সামগ্ৰীৰ সৰবৰাহ হোৱাত নৱপ্ৰজন্ম ধ্বংসৰ মুখলৈ গতি কৰাৰ আশংকাত উদ্বিগ্ন হৈ পৰিছে অভিভাৱক ৰাইজ।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী যুৱক দুজনৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰ ব‌্যৱস্থা লোৱাৰ লগতে ইয়াৰ লগত জড়িত চক্ৰটোক উৎখাত কৰিবলৈ স্থানীয় প্ৰশাসনক দাবী জনায় । বৰপেটা জিলা আৰক্ষী অধীক্ষকৰো দৃষ্টি আকৰ্ষণ কৰে স্থানীয় সচেতন অভিভাৱক ৰাইজে।

Exit mobile version