হৃত্বিক-কংগনা ই-মেইল কাণ্ডত অভিনেতালৈ চমন আৰক্ষীৰ

hrithik kangana2

অভিনেতা হৃত্বিক ৰােছন আৰু অভিনেত্রী কংগনা ৰণৌটৰ বহু বিতর্কিত ই-মেইল কাণ্ডৰ ঘটনাই নতুন মােৰ ললে। মুম্বাই আৰক্ষীৰ অপৰাধ নিয়ন্ত্রণ শাখাই এই গােচৰত হৃত্বিকলৈ চমন জাৰি কৰিলে।

ADVERTISEMENT

২০১৬ৰ উক্ত গােচৰত আৰক্ষীয়ে অভিনেতাজনক জেৰা কৰিব। উল্লেখ্য যে কোনাে ব্যক্তিয়ে হৃত্বিকৰ নামত এটা ভুৱা ই-মেইল একাউণ্টৰ পৰা কংগনালৈ একাধিক মেইল প্ৰেৰণ কৰিছিল আৰু এই সন্দৰ্ভত অভিনেত্রীগৰাকীয়ে মুম্বাই আৰক্ষীক ২০১৬ত অভিযােগ দাখিল কৰিছিল।

কংগনাই দাবী কৰা অনুসৰি হৃত্বিকে নিজে উক্ত ই-মেইল ঠিকনাৰ জৰিয়তে তেওঁৰ স’তে ২০১৪ৰ পৰা মেইল আদান-প্রদান কৰিছিল যদিও পাছত উক্ত মেইল একাউন্ট তেওঁৰ নহয় বুলি হৃত্বিকে দাবী কৰিছিল।

২০১০ত ‘কাঁইটছ আৰু ২০১৩ত’ ক্রিছ-৩’ ছবিত হৃত্বিক-কংগনাই একেলগে অভিনয় কৰিছিল আৰু সেই সময়ৰ পৰাই দুয়ােৰে মাজত ঘনিষ্ঠ সম্পর্ক গঢ় লৈ উঠা বুলি বলিউডত বহু চৰ্চিত হৈছিল৷ পাছত অভিনেতাদ্বয়ৰ প্রেম সম্পৰ্কৰ অৱসান ঘটিছিল। ইয়াৰ পাছতে কংগনাই হৃত্বিকৰ বিৰুদ্ধে একাধিক অভিযােগ উত্থাপন কৰাৰ লগতে আৰক্ষীকো ই-মেইলৰ সন্দৰ্ভত গােচৰ দিছিল।

Exit mobile version