কোকৰাঝাৰ জিলাৰ লোকনাবাৰীত ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত কোচবিহাৰ ৰাজ্যৰ পুনৰ উদ্ধাৰৰ দাবীত জন্ম লাভ কৰা দি গ্ৰেটাৰ কোচবেহাৰ পিপলছ এছ’চিয়েছনৰ ২৩তম অধিবেশন আৰু ৫১১তম বীৰ সূৰ্য্য বিশ্ব মহাবীৰ চিলাৰায় দিৱস দুইদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয় ।
উক্ত অনুষ্ঠানৰ কাৰ্য্যসূচী অনুসৰি প্ৰথম দিনা পুৱা কোচৰাজবংশী জনগোষ্ঠীৰ পৰম্পৰাগত সুৱচনী পূজা, হনুমান দণ্ড পতাকা উত্তোলন, কুইজ প্ৰতিযোগীতা, অনুষ্ঠিত কৰাৰ লগতে সাংস্কৃতিক প্ৰতিযোগীতা অনুষ্ঠিত কৰে । দি গ্ৰেটাৰ কোচবেহাৰ পিপলছ এছ’চিয়েছনৰ প্ৰতিনিধি সভাও অনুষ্ঠিত কৰা হয় ।
পিছদিনা পুৱা কোচৰাজবংশীৰ জনগোষ্ঠীৰ নবীন মহাৰাজ অনন্ত ৰায়ে হনুমান দণ্ড পতাকা উত্তোলন কৰি অনুষ্ঠানৰ উদ্বোধন কৰে আৰু বীৰ সূৰ্য্য বিশ্বমহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত মাল্যঅৰ্পন কৰে । ইয়াৰ পাছত মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ।
মুকলি সভাত অসম, পশ্চিমবংগৰ কে’বা সহশ্ৰাধিক সমৰ্থকৰ উপস্থিতিয়ে আগন্তুক বিধানসভা নিৰ্বাচনত অসম আৰু পশ্চিমবংগত কি প্ৰভাৱ পেলাব সেয়া সময়ত বুজিব পৰা যাব । সাংবাদিকৰ সাক্ষাৎত নবীন মহাৰাজ অনন্ত ৰায়ে কয় যে, দি গ্ৰেটাৰ কোচবেহাৰ পিপলছ এছ’চিয়েছন অ-ৰাজনৈতিক সংগঠন । ই ৰাজনীতিৰ লগত জড়িত নহয় তথাপি বিধানসভা নিৰ্বাচনত প্ৰভাৱ পৰিব বুলি সচেতন মহলে অনুমান কৰিছে ।