বিগত বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদ দলে দখল কৰিবলৈ সক্ষম হোৱা ১৪ টা সমষ্টিত আমি অটল৷ সেই ১৪ সমষ্টিৰ এটাও আমি এৰি নিদিও আৰু এয়া নিশ্চিত৷ এই মন্তব্য অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী ফনীভূষণ চৌধুৰীৰ৷ আজি ভৱানীপুৰ সমষ্টিৰ সৰুপেটাৰ মিলন মন্দিৰত অগপৰ এখন বুথপৰ্যায়ৰ সভাত অংশগ্ৰহণ কৰাৰ পিছতে অসামৰিক খাদ্য আৰু যোগান মন্ত্ৰী ফনীভুষণ চোধুৰীয়ে সাংবাদিকৰ আগত মন্তব্য কৰি কয় যে বৰ্তামান অসম গণ পৰিষদ দলৰ শক্তি পূৰ্বতকৈ যথেষ্ট বৃদ্ধি পাইছে৷ সেয়েহে উক্ত ১৪ টা সমষ্টিৰ ওপৰঞ্চিও আন যিসমূহ সমষ্টিত অগপৰ বৰ্তমান স্থিত মজবুত আৰু গণভিত্তি যথেষ্ট সবল সেইসমূহ সমষ্টিও আমি বিচাৰিম বুলি তেওঁ ব্যক্ত কৰে৷ চৌধুৰীয়ে আৰু কয় যে যদিও বিজেপিৰ সতে আসনৰ ভাগ বটোৱাৰা সন্দৰ্ভত এতিয়াও কোনো আলোচনা হোৱা নাই তথাপি আমাৰ সবল স্থিতিত থকা ৪০ টা সমষ্টি আমি বিজেপিৰ পৰা দাবী কৰিম৷ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ সমষ্টি ভৱানীপুৰ বিগত দুটাকৈ নিৰ্বাচনত এ আই ইউ ডি এফ দলে দখল কৰাটো অতি দুৰ্ভাগ্যজনক বুলি আক্ষেপ কৰি তেও কয় যে এইবেলি অগপ বিজেপি মিত্ৰজোঁটে সমষ্টিটো উদ্ধাৰ কৰি শ্বহীদ খৰ্গশ্বৰ তালুকদাৰক সন্মান জনাম বুলিও কয়৷ আনহাতে বিপিএফ কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভটো তেওঁ কয় যে এই মিত্ৰতাই সমাগত নিৰ্বাচনত কোনো প্ৰভাৱ নেপালায়৷ কাৰণ বিপিএফ হৈছে এক নিৰ্দিষ্ট সীমাবদ্ধতাৰ দল৷ তেওঁলোকৰ পৰিষৰ মাত্ৰ ১২ টা সমষ্টিত হে৷ আনহাতে পাটাছাৰকুছি সমষ্টিত বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে নিৰ্বাচন খেলিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেও কয় যে বিগত নিৰ্বাচনত পাটাছাৰকুছিত অগপই অভিলেখ সংখ্যক ভোট লাভ কৰিছিল৷ যিহেতু সমষ্টিটোত অগপৰ স্থিতি অতি মজবুত তেনে ক্ষেত্ৰত সমষ্টিটো অগপই এৰি দিয়াৰ প্ৰশ্নই নুঠে বুলি তেও সজোৰে মন্তব্য কৰে৷ যোৱা বাৰ ১৪ আসন দখল কৰা অগপই এইবাৰ অতিকমেও ২০ খন আসন দখল কৰিই বুলিও চৌধুৰীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত একপ্ৰকাৰ হুংকাৰ দিয়ে৷
অগপৰ ১৪ টা সমষ্টি কোনো কাৰণতে এৰি নিদিয়াৰ হুঙ্কাৰ ফণিভূষন চৌধুৰীৰ
বিপিএফৰ সতে কংগ্ৰেছৰ মিত্ৰতাক প্ৰভাৱহীন আখ্যা
-
By publisher

- Categories: Assam, News, Politics
- Tags: assam assembly elaction 2021asssam
Related Content
Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী
By
publisher
April 29, 2026
Akhil Gogoi's open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ
By
publisher
April 29, 2026
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026