অসম জাতীয় পৰিষদৰ কোকৰাঝাৰ জিলা সমিতিৰ অভিৱৰ্তন

WhatsApp Image 2021 02 28 at 6.54.11 PM 1

কোকৰাঝাৰ জিলাৰ অন্তৰ্গত গোসাইগাওঁ মহকুমাৰ কমলনাথ ক্লাবত আজি অসম জাতীয় পৰিষদৰ কোকৰাঝাৰ জিলা সমিতিৰ অভিৱৰ্তন অনুষ্ঠিত হয়। পুৱা অসম জাতীয় পৰিষদৰ পতাকা উত্তোলন কৰে কেন্দ্রীয় যুটীয়া সম্পাদক প্রিঞ্চ ফইজুল হকে লগতে শ্বহীদ তৰ্পন কৰে।

উক্ত অভিৱৰ্তনত উপস্থিত থাকে অসম জাতীয় পৰিষদৰ কেন্দ্রীয় যুটীয়া সম্পাদক প্রিঞ্চ ফইজুল হক, যুটীয়া সম্পাদক লকিমনি বৰুৱা , মহিলা মৰ্চাৰ কেন্দ্রীয় সাংগঠনিক সম্পাদক কবিতা দাস আৰু অসম জাতীয় পৰিষদৰ কৰ্মকৰ্তাসকল।

অনুষ্ঠানখনত অসম জাতীয় পৰিষদৰ কেন্দ্রীয় যুটীয়া সম্পাদক প্রিঞ্চ ফইজুল হকে ভাষন প্রসংগত কয় যে, অসমত এইবাৰ বিজেপিক উৎখাত কৰি এজেপিক প্ৰতিষ্ঠা কৰক। বিজেপিয়ে অসমখনক বেচি বেচি শেষ কৰি আছে। বিজেপিয়ে অসমবাসী ৰাইজক বিশ্বাসঘাতকতা কৰিছে সেইবাবে এইবাৰ বিজেপিক উচিত প্ৰতুত্বৰ দিব লাগিব। আমি অসম জাতীয় পৰিষদে কেতিয়াও নাগৰিকত্ব সংশোধনী আইন বলবৎ হ’ব নিদিওঁ।

Exit mobile version