গ্ৰীষ্ম আহিছে, মন কি বাটত জল সংৰক্ষণৰ বাৰ্তা প্ৰধানমন্ত্ৰীৰ

20210226113L 1614387539345 1614387566370 1614487411212

৭৪তম ‘মন কি বাট’ত দেশবাসীক পানীক লৈ দায়িত্বশীল হ’বলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । আজি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘সন্মুখত গ্ৰীষ্মকাল । পানী সংৰক্ষণৰ বিষয়ত দেশবাসী দায়িত্বশীল হ’ব লাগিব । বৰষুণৰ পানী সংৰক্ষণৰ বাবে অতি শীঘ্ৰে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰণালয়ে ‘কেচ দ্যা ৰেইন’ প্ৰকল্প আৰম্ভ কৰিব । জলাশয় পৰিষ্কাৰ কৰি বৰষুণৰ পানী সংৰক্ষণ কৰাৰ চেষ্টা কৰা হ’ব সেই প্ৰকল্পত ।’

২০১৯ৰ গ্ৰীষ্মত চেন্নাইত পানী সমস্যাই দেখা দিছিল । সেইবাৰো ‘মন কি বাট’ত পানী সংৰক্ষণৰ কথা কৈছিল প্ৰধানমন্ত্ৰী মোদীয়ে । তেতিয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছিল, ‘বৰষুণৰ পানী সংৰক্ষণ কৰি সমস্যাৰ সমাধান কৰা সম্ভৱ নহয় । কাৰণ, বৰষুণ পৰা প্ৰাপ্ত পানীৰ আঠ শতাংশহে সংৰক্ষণ কৰা সম্ভৱ । সেইখিনিৰে পানীৰ সমস্যাৰ স’তে যুঁজ দিয়া সম্ভৱ নহয় ।’ ডেৰ বছৰ পাছত সেই বৰষুণৰ পানীৰেই জলসংকটৰ সমাধান বিচৰাৰ কথা ক’লে তেওঁ ।

জল সংৰক্ষণৰ লগতে আজি মোদীৰ ‘মন কি বাট’ত আত্মনিৰ্ভৰ ভাৰত, বিজ্ঞান দিৱস আৰু মোদীৰ একমাত্ৰ আক্ষেপৰ কথাও উত্থাপিত হয় ।

‘মন কি বাট’ত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘আত্মনিৰ্ভৰ ভাৰতক কেৱল এটা কেন্দ্ৰীয় নীতি ধাৰণা কৰিলে ভুল হ’ব । আত্মনিৰ্ভৰ আচলতে এটা জাতীয় বোধ । দেশৰ প্ৰতি ভালপোৱা, মমতা আৰু সমৰ্থনেই মূল ভাবনা । দেশৰ কুটিৰ শিল্প, হস্ত শিল্প দেশত নিৰ্মাণ কৰা সামগ্ৰীক লৈ গৌৰৱবোধ, ইয়াৰ প্ৰতি মৰ্যাদাই এই বোধক দৃঢ় কৰিব পাৰে । যেতিয়াই এই সকলোবোৰ সম্ভৱ হ’ব তেতিয়াই আত্মনিৰ্ভৰশীল হ’ব ভাৰত ।’

অতি শীঘ্ৰে দেশৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ত পৰীক্ষা আৰম্ভ হ’ব । এই বিষয়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ‘কিতাপৰ নতুন সংস্কৰণত বহুতো নতুন অধ্যায় যোগ কৰা হৈছে । ইয়াৰে এটা অধ্যায়ত অন্তৰ্ভুক্ত কৰা হৈছে পৰীক্ষাৰ্থীসকলৰ অভিভাৱকসকলৰ প্ৰতি কিছু গুৰুত্বপূৰ্ণ নিৰ্দেশ ।’

লগতে, ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞান বিষয়ত শিক্ষা গ্ৰহণ কৰিবলৈও উৎসাহিত কৰে প্ৰধানমন্ত্ৰীয়ে । আজি ‘জাতীয় বিজ্ঞান দিৱস’ৰ দিনা প্ৰধানমন্ত্ৰী মোদীয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয়, ‘আমি ভাবো বিজ্ঞান মানেই ভৌত বিজ্ঞান, ৰাসায়ন তথা গৱেষণাগাৰৰ দৰে কঠিন বিষয় । কিন্তু তেনে নহয় । বিজ্ঞানৰ লগতে বিজ্ঞানীসকলৰ জীৱনকলৈও পঢ়া উচিত দেশৰ যুৱ প্ৰজন্মই ।’

Exit mobile version