তিনি সক্ৰিয় ক’ভিড ৰোগী সুস্থ হোৱাৰ ‌পাছতেই ভাৰতৰ প্ৰথম কৰ’নামুক্ত ৰাজ্য হ’ল অৰুণাচল প্ৰদেশ

3228c7b39da5438cb14591e4d5a45957 18

কৰ’না সংক্ৰমণ বৃদ্ধি হোৱাক লৈ উদ্বেগ সৃষ্টি হোৱাৰ সময়তে আশাৰ কিৰণ দেখা গ’ল অৰুণাচল প্ৰদেশত । তিনিজন সক্ৰিয় ক’ভিড ৰোগী সুস্থ হোৱাৰ পাছতে ভাৰতৰ ভিতৰতে প্ৰথম কৰ’না মুক্ত ৰাজ্য হ’ল অৰুণাচল প্ৰদেশ ।

আজি স্বাস্থ্যমন্ত্ৰণালয়ে দিয়া তথ্য অনুসৰি, সম্প্ৰতি ৰাজ্যখনত কোনো সক্ৰিয় ক’ভিড ৰোগী নাই । সকলোৱে সুস্থ । সুস্থতাৰ হাৰ ৯৯.৬৬ শতাংশ । পজিটিভিটি তথা সংক্ৰমণৰ হাৰ শূণ্য । ৰাজ্যৰ পৰ্যৱেক্ষক বিষয়া লোবছাং জাম্পাই কয়, বিগত ২৪ ঘণ্টাত কোনো লোক নতুনকৈ সংক্ৰমিত হোৱা নাই ।

অৰুণাচল প্ৰদেশৰ মুঠ ১৬ হেজাৰ ৮৩৬ জন লোক কৰ’না আক্ৰান্ত হৈছিল । তেওঁলোকৰ ভিতৰত ১৬ হেজাৰ ৭৮০ জন লোক সুস্থ হৈছে । তিনিজন সক্ৰিয় ক’ভিড ৰোগী আছিল । আজি তেওঁলোকো সুস্থ হোৱাৰ পাছত ৰাজ্যখন কৰ’না মুক্ত হ’ল বুলি দাবী কৰে পৰ্যৱেক্ষক বিষয়াজনে ।

লোবছাং জাম্পাই কয়, মুঠ চাৰি লাখ পাঁচ হেজাৰ ৬৪৭ জন লোকৰ নমুনা পৰীক্ষণ কৰা হৈছিল । কালি ৩১২ জন লোকৰ নমুনা পৰীক্ষণ কৰা হৈছে । কাৰো ৰিপ’ৰ্ট পজিটিভ অহা নাই ।

তেওঁ লগতে কয় যে, ৰাজ্যত দ্ৰুত হাৰত টিকাকৰণৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে । সম্প্ৰতি ৩২ হেজাৰ ৩২৫ জন স্বাস্থ্যকৰ্মী আৰু আগশাৰীৰ যুদ্ধাসকলক প্ৰতিষেধক প্ৰদান কৰা হৈছে । সোমবাৰ, বৃহস্পতিবাৰ, শুকুৰবাৰ আৰু শনিবাৰ সপ্তাহৰ এই চাৰিটা দিনত টিকাকৰণ কাৰ্যসূচী ৰখা হৈছে ।

অৰুণাচল প্ৰদেশ কৰ’না মুক্ত হ’লেও দেশৰ বহুকেইখন ৰাজ্যত নতুনকৈ সংক্ৰমণ বৃদ্ধিত উদ্বেগৰ সৃষ্টি হৈছে । দেশৰ দৈনিক সংক্ৰমণ চাৰি দিনৰ মূৰে মূৰে ১৬ হেজাৰ অতিক্ৰম কৰে । মুঠ দৈনিক সংক্ৰমণৰ ভিতৰত ৮৬ শতাংশই মহাৰাষ্ট্ৰ, কেৰালা, পঞ্জাৱ, কৰ্ণাটক, তামিলনাডু আৰু গুজৰাটৰ । এই ৰাজ্যসমূহৰ ভিতৰত দৈনিক সংক্ৰমণৰ বিষয়ত মহাৰাষ্ট্ৰ আৰু কেৰালাত উদ্বেগ বৃদ্ধি পাইছে ।

সংক্ৰমণ ৰোধ কৰিবলৈ অমৰাৱতী, নাগপুৰসহ মহাৰাষ্ট্ৰৰ বহুকেইখন জিলাত ইতিমধ্যে তলাবন্ধ জাৰি কৰিছে প্ৰশাসনে । আঠ মাৰ্চলৈকে এই তলাবন্ধৰ ম্যাদ বৃদ্ধি কৰা হৈছে । কেৰালাতো কিছুসংখ্যক জিলাত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে প্ৰশাসনে । কেৰালাত‌ ভোট ঘোষণা হৈছে । এনে পৰিস্থিতিত সংক্ৰমণ নিয়ন্ত্ৰণ কৰি ভোট পৰিচালনা কৰা এক বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে ৰাজ্যৰ প্ৰশাসনৰ বাবে ।

Exit mobile version