‘আপুনি তেওঁক বিয়া কৰাব নে ?’ ধৰ্ষণৰ গোচৰত চৰকাৰী কৰ্মচাৰীক প্ৰশ্ন উচ্চতম ন্যায়ালৰ    

948219 supreme courtfile

দিল্লী উচ্চতম ন্যায়ালয়ে মহাৰাষ্ট্ৰৰ ৰাজ্য বৈদ্যুতিক প্ৰযোজনা সংস্থাৰ প্ৰযুক্তিবিদ মোহিত ‌চবনৰ জামিনৰ আবেদনৰ শুনানি কৰে । তেওঁৰ বিৰুদ্ধে এগৰাকী বিদ্যালয়ৰ ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু ‌প’স্ক’ আইনৰ অধীনত তেওঁক দোষাৰোপ কৰা হৈছে ।

ভাৰতৰ মুখ্য ‌ন্যায়াধীশ এছএ ব’বডেই আবেদনকাৰীৰ  অধিবক্তাক কয় যে, তেওঁৰ ক্লাইণ্টে চাকৰি হেৰুৱাব পাৰে । ব’বডেই কয়, ‘আপুনি যদি বিয়া কৰাব বিচাৰে আমি আপোনাক সহায় কৰিম । যদি বিয়া নকৰাই আপুনি আপোনাৰ চাকৰি হেৰুৱাব আৰু যুৱতীগৰাকীক প্ৰৰোচিত কৰাৰ বাবে কাৰাবাস খাটিব লাগিব ।’

আবেদনকাৰীয়ে ন্যায়ালয়ত জনায় যে, যুৱতীগৰাকীয়ে আৰক্ষীৰ কাষ চাপোতে অভিযুক্তৰ মাতৃয়ে যুৱতীগৰাকীক বিবাহৰ প্ৰস্তাৱ দিছিল । কিন্তু যুৱতীগৰাকীয়ে প্ৰতীবাৰে প্ৰত্যাখ্যান কৰি আহিছে । ইয়াৰ পাছত এখন দলিল প্ৰস্তুত কৰা হয় য’ত লিখা আছিল যুৱতীগৰাকীৰ ১৮ বছৰ বয়স হ’লে বিবাহ সম্পন্ন কৰা হ’ব । যেতিয়া যুৱতীগৰাকী ১৮ বছৰ হয় তেতিয়া যুৱকজনে বিবাহ কৰাবলৈ অস্বীকাৰ কৰে । চবনৰ আবেদন অনুসৰি, তেতিয়াই তেওঁৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হয় ।

মুখ্য ন্যায়াধীশজনে অভিযুক্তক প্ৰশ্ন কৰে, ‘আপুনি তেওঁক বিয়া কৰাব নে ?’ এই বিষয়ত চবনৰ অধিবক্তাই কয়, ‘আমি নিৰ্দেশনা গ্ৰহণ কৰিম ।’ ব’বডেই কয়, ‘যুৱতীগৰাকীক প্ৰলোভন আৰু ধৰ্ষণ কৰাৰ পূৰ্বে আপুনি চিন্তা কৰিব লাগিছিল । আপুনি জানে যে আপুনি এজন চৰকাৰী কৰ্মচাৰী ।’

তেওঁ লগতে কয়, ‘আমি আপোনাক বিয়া কৰাবলৈ বাধ্য কৰা নাই । আপুনি যদি বিচাৰে আমাক জনাব । অন্যথা আপুনি ক’ব যে আমি আপোনাক বিয়া কৰাবলৈ বাধ্য কৰিছো ।’

অভিযুক্তৰ অধিবক্তাজনে জনাই যে, তেওঁ তেওঁৰ ক্লাইণ্টৰ পৰামৰ্শ লৈ জনাব । অভিযুক্তজনে ন্যায়ালয়ক জনায় যে, প্ৰথমে মই তেওঁক বিয়া কৰাব বিচাৰিছিলো । কিন্তু তেওঁ অমান্তি হ’ল । এতিয়া মই তেওঁক বিয়া কৰাব নোৱাৰো কাৰণ মই বিবাহিত । মই এজন চৰকাৰী কৰ্মচাৰী মোক যদি গ্ৰেপ্তাৰ কৰে মই স্বয়ংক্ৰিয়ভাৱে নিলম্বিত হ’ম ।’

মুখ্য ন্যায়াধীশ এছএ ব’বডেই কয়, ‘সেয়ে আমি আপোনাক এই অপাকৰণ দিছো । চাৰি সপ্তাহৰ বাবে আমি গ্ৰেপ্তাৰ স্থগিত ৰাখিম । ইয়াৰ পাছত আপুনি নিয়মিত জামিনৰ বাবে আবেদন কৰিব পাৰিব ।’

বিচাৰ ন্যায়ালয়ত চবনক গ্ৰেপ্তাৰৰ পৰা সুৰক্ষা প্ৰদান কৰা হয় কিন্তু উচ্চ ন্যায়ালয়ে বাতিল কৰে ।

Exit mobile version