দিল্লীৰ AIIMSত বায়’টেকৰ ক’ভেক্সিনৰ প্ৰথম ড’জ গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

0c2110ac1e0d4c4e8a4912d0daa62f56 0c2110ac1e0d4c4e8a4912d0daa62f56 1 1614565435769 1614565444799

দিল্লীৰ AIIMSত ভেকচিন গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।প্ৰধানমন্ত্ৰীক দিয়া হয় ভাৰত বায়’টেকৰ ক’ভেক্সিনৰ প্ৰথম ড’জ ।

মন্ত্ৰীগৰাকীয়ে নিজৰ টুইটাৰ একাউন্টত টুইট যুগে এই কথা জনালে । দেশৰ চিকিৎসক, গৱেষকসকলক প্ৰশংসা মন্ত্ৰীগৰাকীৰ। ক’ৰনাৰ ভেকচিন যি সকলে লোৱা নাই তেওঁলোকক এই প্ৰক্ৰিয়াত অংশ লবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে। আজিৰে পৰা দেশত ক’ৰনাৰ টিকাকৰণৰ গতি আৰু বৃদ্ধি পাব বুলি আশা কৰা হৈছে।

সাধাৰণ মানুহৰ বাবে বেচৰকাৰী হাস্পতালত আজিৰে পৰা আৰম্ভ হ’ব টিকাকৰণ। আজি দুপৰীয়া ১২ বজাৰ পৰা এই ভেকচিন প্ৰদান আৰম্ভ হ’ব।চৰকাৰী হাস্পতালত এই টিকা বিনামূলীয়াকৈ লাভ কৰাৰ বিপৰীতে বেচৰকাৰী হাস্পতালত ভেকচিনৰ বাবে খৰচ হ’ব ২৫০ টকা।

Exit mobile version