পুৰীলৈ যোৱাৰ পৰিকল্পনা কৰিছে নেকি ?

যদি আছে তেন্তে ক'ভিড পৰীক্ষা কৰোৱাতো বাধ্যতামূলক

DSC0713 Snapseed Darkroom 819d0b229974460e8141622c4494e2ed

শেহতীয়াকৈ, উৰিষ্যা চৰকাৰে বিভিন্ন ৰাজ্যৰ পৰ্যটকসকলক তেওঁলোকৰ ৰাজ্যক ক’ভিডৰ দ্বিতীয় তৰংগৰ পৰা সুৰক্ষিত কৰিবলৈ ক’ভিড পৰীক্ষা কৰাৰ নিৰ্দেশ দিছে।

এতিয়াই যদি সাৱধান নহয়,ক’ৰনা দ্বিতীয় উয়েভ সমগ্ৰ দেশত পুনৰ ভয়াৱহতা সৃষ্টি কৰিব। কে’বাখনো ৰাজ্যত পুনৰ বন্ধ কৰা হৈছে স্কুল কলেজ । তামিলনাডুত পুনৰ ঘোষণা কৰা হৈছে লকডাউনৰ ।

১২ খন ৰাজ্যৰ পৰা উৰিষ্যাত প্ৰৱেশ কৰাৰ পূৰ্বে ক’ভিড পৰীক্ষা বাধ্যতামূলক বুলি জানিব পৰা গৈছে। মহাৰাষ্ট্ৰ, কেৰালা, তামিলনাডু, ছত্তীশগড়, মধ্য প্ৰদেশ, তেলেংগানা, পশ্চিম বংগ, পাঞ্জাৱ, দিল্লী, চণ্ডীগড়, কৰ্ণাটক আৰু অন্ধ্ৰ প্ৰদেশৰ পৰা উৰিষ্যাত প্ৰৱেশ কৰাৰ আগতে কৰিব লাগিব ক’ভিড পৰীক্ষা । যদি পৰীক্ষাত পজিটিভ পোৱা যায় তেতিয়া প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ’ব।

বিমান বা ৰেলেৰে আহিলেও, আপুনি এই নতুন নিৰ্দেশনাৰ মাজেৰেই যাব লাগিব লগতে উৰিষ্যাত প্ৰৱেশ কৰাৰ পিছত সাত দিনৰ বাবে থাকিব লাগিব আইছলেচনত।

Exit mobile version