বজালীৰ পাঠশালাত আছুৰ প্ৰতিবাদ

বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাস আৰু বিজেপিত যোগদান কৰা আছুৰ প্ৰাক্তন উপ সভাপতি প্ৰদীপ দাসৰ প্ৰতিমূৰ্তি দাহ

নব গঠিত বজালী জিলাৰ সদৰ পাঠশালাৰ মাজমজিয়াৰ হৰিমন্দিৰ প্ৰাংগনত আজি পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাই ৰূপায়ন কৰে এক প্ৰতিবাদী কাৰ্যসূচী ।

আছুৰ পৰা অব্যাহতি লৈ আজি বিজেপিৰ মুখ্য কাৰ্যালয়ত আছুৰ উপ সভাপতি প্ৰদীপ দাসৰ লগতে আছুৰ প্ৰাক্তন বিষয়ববীয়াই বিজেপিত যোগদান কৰা কাৰ্যক তীব্ৰ সকিয়নী প্ৰদান কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাস আৰু আছুৰ প্ৰাক্তন উপ সভাপতি প্ৰদীপ দাসৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী ৰূপায়ন কৰে ।

কা আন্দোলনৰ সময়ত শ্বহীদ হোৱা বজালীৰ আব্দুল আলীমৰ লগতে পাঁচগৰাকী শ্বহীদৰ কথা সোঁৱৰাই দি শ্বহীদৰ ত্যাগক বৃদ্ধাংগুষ্ঠ দেখুৱা নেতা সকলক শ্বহীদৰ আত্মাই কেতিয়াও ক্ষমা নকৰে বুলি উল্লেখ কৰে পাঠশালা আছুৰ সভাপতি ধীমান শৰ্মা আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ গাংগুলীয়ে ।

আছু নেতৃত্ব‌ই ৰাজ্যিক সভাপতি ৰণজিৎ দাসে বিভাজনৰ ৰাজনীতিৰ আশ্ৰয় লোৱা বুলি অভিযোগ উত্থাপন কৰি বজালী জিলা বজালী বাসীৰ দিৰ্ঘদিনীয়া দাবীৰ ফলতহে বজালী জিলা লাভ কৰা বুলি উল্লেখ কৰে ।

Exit mobile version