বিভিন্ন ঔষধি গুনেৰে ভৰপূৰ তেঁতেলী

Tamarind Chutney Feature

★তেঁতেলীয়ে যকৃত সুৰক্ষিত কৰি ৰাখে। যকৃত বা লিভাৰৰ কোষ ধ্বংস হোৱাটো ৰোধ কৰে আৰু যকৃতৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে।

★তেঁতেলী খালে জণ্ডিচ, হেপাটাইটিচ, হেপাটোমেগেলী, লিভাৰ চিৰচিছ আদি ৰোগ হোৱাৰ সম্ভাৱনা কমি যায়। ভালদৰে বিপাক হ’লে বিপাক সম্বন্ধীয় ৰোগ বাতৰক্ত বা গাউট, ডায়েবেটিচ, তেজত কলেষ্টেৰল আৰু ইউৰিক এচিড বঢ়া আদি ৰোগ হোৱাৰ সম্ভাৱনা কমি যায়।

★তেঁতেলি খোৱাৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় আৰু নিৰোগী জীৱন যাপন কৰিবলৈ সক্ষম হয়।

★তেঁতেলি খালে তেজৰ বিষাক্ত আৰু বৰ্জিত পদাৰ্থ পেচাবৰ সৈতে বাহিৰ হোৱাৰ ফলত তেজ পৰিষ্কাৰ হয়। সেয়েহে বিভিন্ন চৰ্মৰোগ, এলাৰ্জী আৰু শাৰীৰিক ৰোগৰ পৰা ৰক্ষা পাব পাৰি।

★তেঁতেলি খালে সিৰা-ধমনীত সঞ্চিত কলেষ্টেৰল কমে,শৰীৰৰ তেজ সঞ্চালন ভালদৰে হয়, শৰীৰৰ কোষসমূহে ভালদৰে পোষণ পোৱাৰ উপৰিও স্বাভাৱিক পৰিমাণে অক্সিজেন পায়।

★তেঁতেলি খালে শৰীৰৰ অতিৰিক্ত মেদ কমে। শৰীৰৰ মেদ কমাৰ ফলত ডায়েবেটিচ, ফেটিলিভাৰ, হৃদৰোগ, উচ্চ ৰক্তচাপ আদি ৰোগ হোৱাৰ সম্ভাৱনা কম হয়।

★তেঁতেলীত উচ্চ মাত্ৰাত টাৰটেৰিক এচিড, ভিটামিন আৰু খনিজ লৱণেৰে ভৰপূৰ হৈ আছে।

★তেঁতেলীৰ গুটি গুড়ি কৰি তিনি চাৰি গ্ৰাম মাখন মিহলাই দিনে দুবাৰকৈ কেইদিনমান খালে পেটৰ অসুখ ভাল হয়।

★পানী লগা হৈ কফ ডিঙিত লাগি থাকিলে তেঁতেলী খালে উপশম হয়।

★তেঁতেলীৰ ৰস মূৰৰ বিষ হ’লে ভৰণ দিলে বিষ কমে।

Exit mobile version