দোতমাত আৰক্ষী জোৱান হাৰধন দত্তৰ মহানুভাৱতা

b383c192 8d0a 4a42 941d 459681781c15

কোকৰাঝাৰ জিলাৰ দোতমা থানাত কৰ্মৰত হাৰাধন দত্ত নামৰ আৰক্ষী জোৱান এজনৰ কৰ্মই বৰ্তমান দোতমা অঞ্চলত চৰ্চা লাভ কৰিছে ।

তথ্য অনুসৰি শক্তি আশ্ৰম ময়নাগুৰী গাওৰ বাসিন্দা হাৰাধন দত্ত আৰক্ষী জোৱান হিচাপে দোতমাত থানাত কৰ্মৰত অৱস্থাত থকাৰ সময়তে দোতমা বজাৰ অঞ্চলত ঘুৰি ফুৰি থকা এজন মানসিক বিকাৰগ্ৰস্থ লোকক হোটেলৰ পৰা ভাত আনি খুৱাই।

তেওঁৰ এই যি মহানুভাবতা তাক এতিয়া সকলোৱে সলাগ লৈছে । ইয়াৰ আগতেও আৰক্ষী জোৱানজন মহামাৰী ক’ৰনা সময়ত বহুতো দুখীয়া পৰিয়াললৈ চাউল দাইল আদি যোগান ধৰাৰ লগতে বিভিন্ন ধৰণৰ সমাজ সেৱা কামত আগভাগ লৈছে।

Exit mobile version