অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতিক আক্ৰমণৰ বিৰুদ্ধে আজি বকো চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মূখত অসম জাতীয় পৰিষদৰ বিক্ষোভ কায্যসূচী

1783fefc 17fb 449f 9231 a38cf5c6a0ea

যোৱা‌ ২৮ ফেব্ৰুৱাৰীৰ দিনা নলবাৰীত এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈৰ লগতে দলৰ উপদেষ্টা তথা প্ৰাক্তন অধ্যক্ষ পুলকেশ বৰুৱাসহ এদল সমৰ্থকৰ ওপৰত বিধায়ক নাৰায়ণ ডেকাৰ সমৰ্থক বাহিনীয়ে কৰা আক্ৰমণৰ বিৰুদ্ধে আজি বকো চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মূখত অসম জাতীয় পৰিষদে বিক্ষোভ কায্যসূচী ৰূপায়ন কৰে।

৪৮নং বকো বিধান সভা সমষ্টিৰ অসম জাতীয় পৰিষদৰ উদ্যোগত শতাধিক লোকে ৰূপায়ন কৰে দুই ঘণ্টীয়া বিক্ষোভ কায্যসূচী। ষড়যন্ত্ৰকাৰী নাৰায়ণ ডেকা আৰু সমৰ্থকক গ্ৰেপ্তাৰ কৰাৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ অন্তত বকো ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰী সকলে।

উপস্থিত থাকে কামৰূপ জিলা জাতীয় পৰিষদৰ মুখ্য আহ্বায়ক মিৰাজুল ইছলাম,বকো বিধান সভা সমষ্টিৰ মুখ্য আহ্বায়ক দ্বীপজ্যোতি দাস,আহ্বায়ক নজৰুল হুছেইনসহ কে’বাগৰাকী বিষয়ববীয়া।

Exit mobile version