নিৰ্বাচনৰ বাবে সাজু বজালী জিলা প্ৰশাসন

৮০ উৰ্ধৰ লোকৰ বাবে পোস্টেল ভোটৰ ব্যৱস্থা

electoral rolls Polls voter list PTI2 750x00 1

শাৰীৰিক ভাৱে বাধাগ্ৰস্ত লোক আৰু ৮০ উৰ্ধৰ লোক সকলৰ বাবে এইবাৰ পোস্তেল বেলটৰ জৰিয়তে ভোট দান কৰাৰ সুবিধা কৰি দিছে দেশৰ নিৰ্বাচনৰ অয়োগে।ইয়াৰ বাবে সকলো যাবতীয় কাম সম্পূৰ্ণ কৰা হৈছে বুলি সদৰি কৰে বজালী জিলা প্ৰশাসনে ।দেশৰ নিৰ্বাচনী আয়োগে অসমৰ লগতে আন কেইখন ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে আজি বজালী জিলাৰ নৱনিযুক্ত উপায়ুক্তই আয়োজন কৰে এক সংবাদমেলত বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈ থকা আৰু প্ৰাৰম্ভিক প্ৰস্তুতি সম্পন্ন কৰা বজালী প্ৰশাসনে বজালী জিলাৰ দুটা বিধানসভা সমষ্টি সন্দৰ্ভত বিতং তথ্য প্ৰদান কৰে৷

বজালী জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত বজালী জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, অতিৰিক্ত উপায়ুক্ত নবজ্যোতি ভাগবতী নিৰ্বাচনী বিষয়া হেমাশ্ৰী খনিকৰ, চক্ৰ বিষয়া দিবাশ বৰদলৈয়ে আয়োজন কৰা সংবাদমেল সম্বোধি বজালী জিলাৰ দুটা সমষ্টিৰ আশীষ উৰ্ধৰ লোক,বিশেষ ভাবে সক্ষম লোক সকল চিনাক্ত কৰি ইয়াৰ প্ৰতিবেদন দিয়াৰ বাবে জিলা সমাজ কল্যাণ বিভাগক দায়িত্ব অৰ্পন কৰা হৈছে বুলি সদৰি কৰে ।

তাৰোপৰি আকস্মিক ভাবে দুৰ্ঘটনাত আহত হৈ ঘুনীয়া হোৱা তেনে লোক সকলৰ বাবেও সুবিধা প্ৰদান কৰা হব বুলি জানিব দি জিলা উপয়ুক্ত বৰুৱাই আগন্তুক নিৰ্বাচনৰ বাবে বজালী সম্পূৰ্ণৰূপে সাজু বুলি সদৰী কৰে ৷ স্মৰ্তব্যযে বজালী জিলাৰ অধীনস্থ ৪২ নং পাটাছাৰকুছি সমষ্টিত এইবাৰ মুঠ ভোটাৰৰ সংখ্যা ১৪৩৫০৯ হোৱাৰ বিপৰীতে ৪১ নং ভৱানীপুৰ সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১,৪৭৭৭৮ গৰাকী৷ ইয়াৰে পাটাছাৰকুছিত পুৰুষ ভোটাৰ ৭২৫১৮ গৰাকী, মহিলা ভোটাৰ ৭০৯৯১ গৰাকী৷ ভৱানীপুৰত পুৰুষ ভোটাৰ ৭৫২৮৯ গৰাকী, মহিলা ভোটাৰৰ সংখ্যা ৭২৪৮৯ গৰাকী৷

নিৰ্বাচনী বিষয়াগৰাকীয়ে জনোৱা মতে ভৱানীপুৰ সমষ্টিত এইবাৰ মুঠ পোলিং ষ্টেচনৰ সংখ্যা ১৪৭ হোৱাৰ বিপৰীতে পাটাছাৰকুছিত মুঠ পোলিং ষ্টেচনৰ সংখ্যা হ’ল ১৬০ টা ৷ নিৰ্বাচন আয়োগে ৮০ উৰ্ধৰ ব্যক্তিসকলৰ বাবে পোষ্টেল বেলটৰ যি ব্যৱস্থা কৰিব তাৰ বাবে বি এল ও বিলাকত দায়িত্ব প্ৰদান কৰা হব বুলি জানিবলৈ দি ইয়াৰ বাবে সকলো তথ্য বি এল ও ই দাখিল কৰিব বুলি অবগত কৰে ৷ সংবাদমেলত আগন্তুক নিৰ্বাচনত যাতে শান্তি শৃংখলা বজাই ৰাখিব পাৰি তাৰ বাবে সকলো ব্যৱস্থা কৰিব বুলি জানিবলৈ দিছে বজালী জিলা আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ কুমাৰ দাসে অবগত কৰি ইয়াৰ বাবে ৰাইজৰো সহায় সহযোগিতা কামনা কৰে ৷

Exit mobile version