বিজেপিয়ে বিপিএফ দলক অন্যায় আৰু অত্যাচাৰ কৰিলে : ৰবিৰাম নাৰ্জাৰী

download

বিপিএফৰ জেষ্ঠ নেতা ৰবিৰাম নাৰ্জাৰীয়ে এক সাক্ষাৎকাৰত সদৰি কৰে যে বিজেপিয়ে বিপিএফৰ সহায় লৈয়ে যোৱা ২০১৬ ৰ নিৰ্বাচনত যিবোৰ সমষ্টিত তেওঁলোক জয়ী হোৱাৰ কোনো সম্ভাৱনা নাছিল সেইসমূহ সমষ্টিতো বিপুল ভোটত জিকিব সক্ষম হৈছে। বিপিএফৰ সহায় লৈয়ে বিজেপিয়ে ২০১৬ ৰ নিৰ্বাচনত যথেষ্ট লাভম্বিত হৈছে। চৰকাৰ গঠন বিপিএফৰ যথেষ্ট অৰিহণা আছে।

সেই সময়ত বিপিএফ যদি বিজেপিৰ লগত নাথাকিলহেতেন তেন্তে বিজেপিয়ে অসমত কেতিয়াওঁ চৰকাৰ গঠন কৰিব নোৱাৰিলেহেতেন । এতিয়া চৰকাৰ গঠন কৰাৰ পিছত বিজেপিয়ে বিপিএফৰ অৱদান সম্পূর্ণৰূপে পাহৰি গল। মিত্রদল হিচাপে আমাক যেনেদৰে নিষ্ঠাসহকাৰে আঁকোৱালি লব লাগিছিল সেয়া কৰা নাই যাৰ বাবে আমি যোৱা পাঁচ বছৰে যথেষ্ট কষ্ট পাইছো।

আমাৰ ভালেখিনি আচনি এতিয়ালৈকে অনুমোদন পোৱা নাই। নিজৰ দলৰ বিধায়কসকলক যিদৰে সুযোগ সুবিধা প্ৰদান কৰিছিল আমাক তেনেকুৱা সুযোগ দিয়া নাই বুলিও অভিযোগ উত্থাপন কৰে ৰবিৰাম নাৰ্জাৰীয়ে। ইয়াৰ উপৰিও তেওঁ কয় যে “বিজেপি চৰকাৰখনৰ পৰা তেনেকুৱা আচৰন আমি কেতিয়াও আশা কৰা নাছিলো। অসম চৰকাৰখনত আমি একেলগে থকা সত্ত্বেও বিজেপিয়ে বিটিআৰৰ নিৰ্বাচনত আমাৰ লগত যি বিশ্বাসঘাতকতা কৰিলে তাক আমি তীব্র গৰিহণা দিছো।বিজেপিয়ে বিটিআৰৰ নিৰ্বাচনত আমাৰ লগত এনেকুৱা ব্যবহাৰ কৰিব নালাগিছিল।বিজেপিয়ে মিত্রতাৰ ধৰ্ম সঠিকভাবে পালন কৰিব নাজানে।”

২০২১ ৰ নিৰ্বাচনৰ মিত্রতা সম্পর্কে নাৰ্জাৰীৰ মন্তব্য “বিটিআৰ অঞ্চলৰ ৰাইজৰ মতামত লৈয়ে বিপিএফয়ে বিজেপিৰ লগত মিত্রতা ছেদ কৰিলে। বিজেপিৰ লগত থাকিলে এইবাৰৰ নিৰ্বাচনত আমাৰ বহুতো ক্ষতি হবে যাৰ পৰিপ্ৰেক্ষিতত আমি এইবাৰৰ নিৰ্বাচনত মহাজোটৰ লগত মিত্রতা কৰিছো আৰু এইবাৰ বিপিএফয়ে গোটেইকেইখন আসনতে জয়লাভ কৰাটো একপ্ৰকাৰ নিশ্চিত।”নিজৰ প্ৰাৰ্থীত্বৰ প্ৰসংগ তেখেতে কয় যে “মোক যদি হইকামাণ্ডে এইবাৰ টিকট দিয়ে তেন্তে মই আৰু বেছি ৰাইজৰ হকে কাম কৰিম লগতে বিটিআৰ অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাৰ কাৰনে মাত মাতিম আৰু সমাধানৰো চেষ্টা কৰিম।

কে.এ.ছি সম্পর্কেও তেখেতে কয় যে কে.এ.ছি খন গঠনত আমাৰ হাগ্ৰামা মহিলাৰী,চন্দন ব্ৰহ্ম আদিৰ যথেষ্ট অৱদান আছে। তেখেতসকলৰ বলিষ্ঠ পদক্ষেপতে আজি কমতাপুৰ অটোনোমাছ কাউন্সিলখন গঠন হবলৈ সক্ষম হল। কোচৰাজবংশীসকলৰ জনজাতিকৰণৰ ক্ষেত্রত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ দলৰ চৰকাৰখনে বিগত দিনত যি পদক্ষেপ গ্রহণ কৰিছিলে তাৰ পৰিপ্ৰেক্ষিতত এইবাৰৰ বিধানসভা নির্বাচনতো কোচৰাজবংশী জনগোষ্ঠীৰ ভোটটো বিপিএফ দলৰ পক্ষতে থাকিব ইয়াত কোনো সন্দেহ নাই বুলিও সদৰি কৰে।

Exit mobile version