বিশ্ব বন্যপ্ৰাণী দিৱস উপলক্ষে বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত চাফাই অভিযান

fadada9e e6cc 46a2 bfa1 9751fdc26b89

বুধবাৰে সমগ্ৰ বিশ্বৰ লগতে প্ৰকৃতি ৰাণী তথা বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানতো বিশ্ব বন্যপ্ৰাণী দিৱস পালন কৰা হ’ব ৷ বন্যপ্ৰাণী দিৱসৰ লগত সংগতি ৰাখি আজি মানাহ এক’মোডেশ্বন এণ্ড টুৰিজ্যিম ছ’চাইটি , জীপ চাফাৰি এছ’ছিয়েশ্বন , জিপচি ড্ৰাইভাৰ সন্থা, বাঁ‌হবাৰী বন বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী বনাঞ্চলৰ বিভিন্ন প্ৰান্তত চাফাই অভিযান কাৰ্যসূচী ৰূপায়ন কৰা হয়৷

ADVERTISEMENT

উল্লেখ্য যে, বিগত দিনবোৰত মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকসকলে য’তে ত’তে পেলাই থৈ যোৱা প্লাষ্টিক জাতীয় সামগ্ৰীৰ পৰা যাতে জীৱ জন্তুৰ কোনো ক্ষতি হ’ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই চাফাই অভিযান কাৰ্যসূচী ৰূপায়ন কৰা হয় বুলি জানিবলৈ দিয়ে৷

Exit mobile version