মাটিৰ তলত প্ৰায় অক্ষত অৱস্থাত দুহেজাৰ বছৰীয়া ৰথ উদ্ধাৰ

117325360 546d740d ca42 4a1c 94f4 83cf8edd2b98

মাটিৰ তলত দুহেজাৰ বছৰ ধৰি প্ৰায় অক্ষত অৱস্থাত থকা এখন প্ৰাচীন ৰথ আৱিষ্কাৰ হৈছে ইটালীত । দেশখনৰ প’ম্পেইয়ি চহৰৰ প্ৰত্নতাত্বিক বিষয়াসকলে এই কথা ঘোষণা কৰি জনাইছে যে এয়া এক ব্যতিক্ৰমী আৰু নজিৰবিহীন আৱিষ্কাৰ । ইয়াৰ পূৰ্বে ইটালীত ইমান গুৰুত্বপূৰ্ণ আৱিষ্কাৰ হোৱা নাছিল । প্ৰত্নতাত্বিকৰ মতে, উৎসৱ-পৰৱৰ সময়ত এই ৰথখন ব্যৱহাৰ কৰা হৈছিল ।

প’ম্পেইয়িত খননকাৰ্যত ব্যস্ত থকা প্ৰত্নতাত্বিকসকলে জনাইছে যে ৰথখনৰ লোৰ গাঁথনি, ব্ৰঞ্জৰ সাজ-সজ্জা তথা সুদৃশ্য কাৰুকাৰ্য কৰা কাঠৰ ব্যৱহাৰৰ প্ৰমাণ এতিয়াও স্পষ্ট হৈ আছে । ইটালীৰ প্ৰাচীন চহৰ প’ম্পেইয়িৰ উত্তৰ দিশে উদ্ধাৰ হোৱা এই ৰথখন ৰখা আছিল চহৰৰ প্ৰাচীৰৰ কাষতে থকা এটা আস্তাবলৰ সন্মুখত ।

উল্লেখ্য যে এই ৰথখন আৱিষ্কাৰ হোৱা স্থানৰ সমীপতে কিছু মাহৰ পূৰ্বে তিনিটা ঘোঁৰাৰ দেহাৱশেষ উদ্ধাৰ হৈছিল । প্ৰায় দুহেজাৰ বছৰৰ পূৰ্বে ৭৯ খ্ৰীষ্টাব্দত ভিছুভিয়াছ আগ্নেয়গিৰিৰ ভয়ংকাৰ লাভা উদগীৰণৰ ফলত ধ্বংস হৈছিল ইটালীৰ প্ৰাচীন চহৰ প’ম্পেইয়ি ।

প্ৰত্নতাত্বিকসকলে অনুমান কৰিছে যে সেই সময়ত গলিত উত্তপ্ত লাভাৰ চাপত সেই প্ৰাচীৰ আৰু যিটো খোলা ঘৰত ৰথখন ৰখা হৈছিল, তাৰ ছাদ ভাঙি ৰথখনৰ ওপৰত পৰিছিল । যাৰ বাবে ৰথখনৰ সামান্য ক্ষতিসাধন হৈছিল । যোৱা সাত জানুৱাৰীত উক।ত অঞ্চলৰ এটা অংশ দেখা যায় ।

যোৱা সপ্তাহৰ শেষত এই ৰথখন আৱিষ্কাৰ হয় । প’ম্পেইয়ি চহৰ ধ্বংসৰ ইতিহাস ইটালীৰ সকলোৰে জ্ঞাত । সেয়ে প্ৰাচীন আৰু মূল্যবান সামগ্ৰীৰ লোভত এই অঞ্চলত দুষ্কৃতিকাৰীৰ সঘন আহ-যাহ আছে । ২০১৭ত তেনে এটা চক্ৰৰ সন্ধান পায় ইটালীৰ আৰক্ষীয়ে । সেই অঞ্চলৰ সমীপতে থকা একাংশ দুষ্কৃতিকাৰীয়ে বহুতো সুৰংগ তৈয়াৰ কৰিছিল । সেই সুৰংগৰে মাটিৰ তলৰ খান্দি উলিওৱা বিভিন্ন প্ৰত্ন-সামগ্ৰী তেওঁলোকে গোপনে বিক্ৰী কৰি আহিছিল । সেই চক্ৰটোৰ দুজন লোক এতিয়াও বিচাৰধীন হৈ আছে । ইয়াৰ পূৰ্বে সেই অঞ্চলৰ পৰাই খেতিৰ ফচল কঢ়িয়াই নিয়াৰ বাবে ব্যৱহৃত এখন গাড়ী উদ্ধাৰ হৈছিল ।

কিন্তু এই প্ৰথমবাৰলৈ এনে এখন ৰথ ইটালীত আৱিষ্কাৰ হ’ল । এই ৰথখনৰ সাজসজ্জা, গাঁথি আৰু অন্যান্য বৈশিষ্ট্য পৰীক্ষা কৰি ইতিহাসবিদসকলে ধাৰণা কৰিছে যে প্ৰধানকৈ উৎসৱ, শোভাযাত্ৰা, দযাত্ৰাৰ দৰে অনুষ্ঠানত এই ধৰণৰ ৰথ ব্যৱহাৰ কৰা হৈছিল । লগতে নৱবিবাহিতাক নিয়াৰ বাবেও এই ৰথ ব্যৱহাৰ কৰা হৈছিল বুলি তেওঁলোকে ধাৰণা কৰিছে ।

Exit mobile version