তিনিচুকীয়াত ভাৰতীয় নিৰ্বাচনী আয়োগৰ সজাগতা সভা

আজি তিনিচুকীয়া মহিলা মহাবিদ্যালয়ত তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ দ্বাৰা এক নিৰ্বাচনী সজাগতা সভা অনুষ্ঠিত কৰে। উক্ত অনুষ্ঠানত জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ পৰা অতিৰিক্ত জিলা উপায়ুক্ত অনিল দাস উপস্থিত থাকে।

আগন্তুক ২৭ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত যাতে কোনো ব্যক্তি ভোটাধিকাৰৰ পৰা বাদ নপৰে, সকলো নাগৰিকে যেন নিজৰ মূল্যৱান ভোটটি প্ৰদান কৰে । সভাত বিষয়াজনে কয় যে, যদি কোনো লোক ভোটাধিকাৰৰ পৰা বঞ্চিত হয় সেইসকল লোকক সহায় কৰিব লাগে আৰু উঠি অহা প্ৰজন্মই এখন নিকা সমাজ গঢ়ি তোলাত সহায় কৰিব লাগে ।

Exit mobile version