অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ গৃহ সমষ্টি ভৱানীপুৰ এইবাৰ কোনো কাৰণতেই বিজেপিক এৰি নিদিয়ে অগপই । এই দাবী অগপৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য বিপুল কৃষ্ণ দাসৰ ।
আজি ভৱানীপুৰ অগপৰ কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি দাসে কয়, ‘ভৱানীপুৰ সমষ্টি পূৰ্বতে চাৰি বাৰকৈ অসম গণ পৰিষদে দখল কৰিছে । এইটো সমষ্টি সম্পূৰ্ণৰূপে এটা জাতীয়তাবাদী সমষ্টিৰূপে পৰিগণিত হৈছে গতিকে এই সমষ্টিটো বিজেপিক এৰি দিয়াৰ প্ৰশ্নই আহিব নোৱাৰে । যোৱাবাৰ মিত্ৰজোঁট চৰকাৰ হোৱাৰ স্বাৰ্থত বিজেপিক দিয়া হৈছিল যদিও এইবাৰ আমি কোনো কাৰণতেই বিজেপিক এৰি নিদিওঁ আৰু এই সমষ্টিত এইবাৰ অসম গণ পৰিষদৰ প্ৰৰ্থী জয় হোৱাটো নিশ্চিত ।’
সংবাদ মেলত অসম গণ পৰিষদৰ ভৱানীপুৰ বিধান পৰিষদৰ আই টি চেলৰ সম্পাদক খনিন্দ্ৰ শৰ্মা, পৰিষদৰ সদস্য হৰিহৰ কলিতা, প্ৰফুল্ল পাটগিৰি আদি উপস্থিত থাকে ।
