মন্দিয়া শিক্ষা খণ্ডত কৰ্তব্য পালনত চৰম গাফিলতি শিক্ষকৰ, বন্ধ হৈ আছে মধ্যাহ্ণ ভোজন

কুম্ভকৰ্ণ নিদ্ৰাত বিভাগীয় কতৃপক্ষ

WhatsApp Image 2021 03 03 at 7.27.41 PM

অসমৰ শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে এটা বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি কৈছিল শাক-পাচলিত অত্যাধিক ৰাসায়নিক সাৰ প্ৰয়োগ কৰি অসমীয়া জাতিৰ লিভাৰ নষ্ট কৰি আছে । এনে দুৰ্ভাগ্যজনক মন্তব্যৰ অন্তত চৌপাশে তোলপাৰ আৰম্ভ হয়। কিন্তু আজি ড৹ হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষা বিভাগৰ একাংশ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে নিজৰ কৰ্তব্য সঠিকভাৱে পালন নকৰাত অবুজ শিশুৰ জীৱন তিল-তিলকৈ ধ্বংস হৈ আছে । সেই দায়িত্ব কোনে ল’ব বুলি প্ৰশ্ন উত্থাপিত হৈছে সচেতন মহলত।

ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ শিক্ষা বিভাগ কেনে চলিছে তাৰ খৱৰ ল’বলৈ ৰাইজৰ অভিযোগৰ ভিত্তিত আজি সাংবাদিকৰ এটা দল ক্ষেত্ৰ ভিত্তিক পৰিদৰ্শন কৰিবলৈ  মন্দিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত কে’বাখনো প্ৰাথমিক বিদ্যালয়ত উপস্থিত হয়। মন্ত্ৰীগৰাকীৰ শিক্ষা বিভাগৰ কেইখনমান বিদ্যালয়ৰ বাস্তৱ দৃশ্যই সচকিত কৰি তুলিছে সচেতন মহলক।

সাংবাদিকৰ দলটোৱে প্ৰথমতে ১৩৪৯ নং ভেৰা প্ৰাথমিক বিদ্যালয়ত উপস্থিত হোৱাত ছয়গৰাকী শিক্ষকৰ ভিতৰত  মাত্ৰ দুগৰাকী শিক্ষক অলকা বেজবৰুৱা আৰু জাহিদুৰ ৰহমান ১০-০৫ মিনিটত উপস্থিত হয়। এই দুগৰাকীৰ বাদে বিদ্যালয়ত কোনো শিক্ষক নাহিল ।

তদ্ৰুপ দক্ষিণ মজিদ ভিটা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নয়ন মণি বৰ্মনে পাঠদান বাদ দি শিল-বালি ক্ৰয় কৰাত ব্যস্ত। ৪১১ নং আলিপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাতুল মেধি কাৰ্যালয়ত কাম থকাৰ অজুহাতত বিদ্যালয়ত উপস্থিত নাই।

ঠিক সেইদৰে আঙুলি কটাৰ বাবে ৪ নং ভেৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ভূপেন কুমাৰ দাস বিদ্যালয়ত উপস্থিত নাথাকে । কাৰ আশিষপুষ্ট হৈ নিজৰ কৰ্তব্যৰ পিনে পিঠি দি অৱহেলা কৰি আহিছে ছাত্ৰ-ছাত্ৰীসকলক । এই ক্ষেত্ৰত মন্দিয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়া, ডি আই তথা এচ আইৰ ভূমিকা ৰহস্যজনক বুলি অভিহিত কৰিছে স্থানীয় ৰাইজে।

তদুপৰি উক্ত প্ৰতিখন বিদ্যালয়ত দীৰ্ঘদিন ধৰি বন্ধ হৈ আছে মধ্যাহ্ণ ভোজন। এনেদৰে সাংবাদিকৰ দলটোৱে মন্দিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত কে’বাখনো প্ৰাথমিক বিদ্যালয়ত পৰিদৰ্শন কৰে যদিও মন্ত্ৰী ড৹ শৰ্মাৰ শিক্ষা বিভাগৰ অন্তৰ্গত এখনো বিদ্যালয় নিয়মিয়াকৈ চলি থকা পৰিলক্ষিত হোৱা নাই । ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যতক লৈ ড৹ শৰ্মাৰ শিক্ষা বিভাগে হেতালি খেল বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে বিভিন্ন স্তৰৰ ৰাইজে।

Exit mobile version