মানৱ সমাজক লজ্জানত কৰা এক হৃদয় বিদাৰক ঘটনা সংঘটিত হ’ল হাজোত । একমাত্ৰ দৰিদ্ৰতাৰ অভিশাপত হাজোৰ দ্বীপলাং গাঁৱৰ উমেশ কলিতা আৰু প্ৰণীতা কলিতাই বিক্ৰী কৰিলে নিজ পুত্ৰ সন্তান নৱজাতকক।
যোৱা সপ্তাহত জন্মৰ তিনি দিন পাছতে মাত্ৰ ১০ হেজাৰ টকাত চাংচাৰিৰ কোনো ব্যক্তিৰ হাতত বিক্ৰী কৰিলে নিজৰ সদ্য নৱজাতক সন্তানটিক।
আনহাতে এই নৱজাতক বিক্ৰী প্ৰক্ৰিয়াত আগভাগ লোৱা বুলি এগৰীক চৰকাৰী নাৰ্চৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।মূলতঃ বাৰাংহাটী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ নাৰ্ছ মমীৰন নেচাৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ। দৰিদ্ৰতাৰ সুযোগ বুজি এই নাৰ্ছগাৰকীয়ে বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত এনে নীচ কাৰ্য্য সংঘটিত কৰাৰ অভিযোগ । ।ইয়াৰ পূৰ্বেও এগৰাকী কন্যা সন্তানক বিক্ৰী কৰিছিল পিতৃ-মাতৃগৰাকীয়ে ওচৰ চুবুৰীয়াৰ ভাষ্যত প্ৰকাশ।
ইফালে, এই কন্যা সন্তানটো বিক্ৰীৰ ক্ষেত্ৰতো মাধ্যস্থতা কৰিছিল এইগৰাকী নাৰ্ছ মমীৰন নেচাই। সমাজৰ হৃদয় জোকাৰি যোৱা এই ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী তুলিছে স্থানীয় ৰাইজে। লগতে চৰকাৰী নাৰ্ছ মমীৰনক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰো দাবী তুলিছে সচেতন মহলে। বিভাগীয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া নিঃসন্দেহে লক্ষণীয় হ’ব।
