ক’ভিড-১৯ক প্ৰতিহত কৰিবৰ বাবে ক’ভেক্সিন প্ৰতিষেধক ৮১ শতাংশ কাৰ্যকৰী

1593809007 1781

ভাৰত বায়’টেকে এক বিবৃতিত কয় যে, তৃতীয় পৰ্যায়ৰ ক্লিনিকেল পৰীক্ষণৰ পাছত ক’ভিড-১৯ প্ৰতিহত কৰাত ক’ভেক্সিন প্ৰতিষেধক ৮১ শতাংশই কাৰ্যকৰী । দ্বিতীয় পালিৰ পাছত পূৰ্বৰ সংক্ৰমণ নাশ কৰি ক’ভিড-১৯ প্ৰতিৰোধ কৰাত ক’ভেক্সিনে ৮১ শতাংশ অন্তৱৰ্তীকালীন কাৰ্যকাৰীতা প্ৰদৰ্শন কৰে ।

কাৰ্যকাৰিতা শতাংশ আকাৰত গণনা কৰা হয় আৰু প্ৰতিষেধক প্ৰদান কৰাৰ পূৰ্বৰ পৰিস্থিতিৰ তুলনাত প্ৰদান কৰাৰ পাছত ভাইৰাছৰ পৰা প্ৰতিষেধকে কিমান সুৰক্ষা প্ৰদান কৰে তাৰ পৰিমাপক বুজায় ।

প্ৰভাৱকাৰীতাৰ গণনা পেৰামিটাৰত কৰা হয়, যেনে কৰ’নাত আক্ৰান্ত হৈ থাকোতেও মৃদুৰ পৰা তীব্ৰ লক্ষ্যণবোৰ নোহোৱা কৰিবলৈ প্ৰতিষেধক কিমান কাৰ্যকৰী ।

ক’ভিড-১৯ প্ৰতিষেধকৰ ক্ষেত্ৰত ফাৰ্মা সংস্থাবোৰে প্ৰাথমিকভাৱে লক্ষ্যণযুক্ত ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা হ্ৰাস কৰাত মনোনিৱেশ কৰিছে ।

২৫,৮০০ অংশগ্ৰহণকাৰীয়ে ১:১ অনুপাতত প্ৰতিষেধক বা প্লেচব’ লাভ কৰিছে ইয়াৰ দ্বাৰা বুজা যায় প্ৰতিষেধক গ্ৰহণকাৰী প্ৰাৰ্থীসকলক ভালকৈ নিৰীক্ষণ কৰা হৈছে ।

প্ৰথম অন্তৱৰ্তীকালীন বিশ্লেষণ ৪৩ জন ৰোগীৰ আধাৰত নিৰ্ণয় কৰা হৈছে । ইয়াৰ ভিতৰত ক’ভিড-১৯ৰ ৩৬ জন ৰোগীক প্লেচব’ গোটত নিৰীক্ষণ কৰা হয় আৰু সাতজনক ক’ভেক্সিন গোটত নিৰীক্ষণ কৰা হয় । প্ৰতিষেধকৰ কাৰ্যকাৰিতৰ ফলাফল শতাংশত ৮০.৬ পোৱা যায় ।

ইফালে, ইউকে আৰু ব্ৰাজিলত কৰা অন্তৱৰ্তীকালীন বিশ্লেষণত ক’ভেশিল্ডক ক’ভিড-১৯ প্ৰতিৰোধ কৰাত ৭০.৪ শতাংশ কাৰ্যকাৰী পোৱা যায় ।

ক’ভেক্সিন এটা নিষ্ক্ৰিয় এছএআৰএছ-চিঅ’ভি-২ ভাইৰনৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে, যিটো পোলিঅ’ প্ৰতিষেধক তৈয়াৰ কৰিবলৈও ব্যৱহাৰ কৰা হয় । এই পদ্ধতিৰ দ্বাৰা ভাইৰাছৰ উৎপাদন ক্ষমতা হ্ৰাস কৰা হয়।

দক্ষিণ আফ্ৰিকা আৰু ইউকে ভাইৰাছৰ প্ৰকাৰৰ বিৰুদ্ধে ক’ভেক্সিন কিমান দক্ষ
ইয়াৰ এতিয়াও পৰীক্ষা কৰা হোৱা নাই। তত্ত্ব অনুসৰি, নিষ্ক্ৰিয় প্ৰতিষেধক, যেনে ক’ভেক্সিনে, পৰিৱৰ্তিত মিউটেন্টৰ বিৰুদ্ধে বৃহত্তৰ সুৰক্ষা প্ৰদান কৰে।

ক’ভেক্সিন দুইৰ পৰা আঠ ডিগ্ৰী চেলচিয়াছ (ৰেফ্ৰিজেৰেটৰ উষ্ণতা)ত ৰখা হয় ।

তিনিজানুৱাৰীত, ড্ৰাগছ কণ্ট্ৰ’লাৰ জেনেৰেল অফ ইণ্ডিয়া (ডিচিজিআই)ই ‘ক্লিনিকেল পৰীক্ষণ ম’ড’ৰ ভিত্তিত ‘জৰুৰীকালীন ব্যৱহাৰ’ৰ বাবে ক’ভেক্সিক অনুমোদন দিয়ে ।

Exit mobile version