জনপ্ৰিয় কণ্ঠশিল্পী শ্ৰেয়া ঘোষালৰ অনুৰাগীসকলৰ বাবে সুখবৰ

মাতৃ হ'বলৈ ওলাইছে শ্ৰেয়া

6ll0jgqg shreya ghoshal

আজি পুৱাই সুখবৰ দিলে জনপ্ৰিয় সংগীতশিল্পী শ্ৰেয়া ঘোষালে । টুইটাৰযুগে জনালে, অতি শীঘ্ৰে তেওঁ মাতৃ হ’ব । তেওঁ লিখে, ‘আমাৰ মাজলৈ আহি আছে শ্ৰেয়াদিত্য ।’

স্বামী শিলাদিত্য মুখোপাধ্যায়ক টেগ কৰি লিখে, ‘মই আৰু শিলাদিত্যই আপোনালোকৰ স’তে এই সুখবৰ শ্বেয়াৰ কৰিবলৈ পাই অত্যন্ত আনন্দিত । আমাৰ জীৱনত এটা নতুন অধ্যায় আৰম্ভ হ’ব । আপোনালোকৰ আশীৰ্বাদ আৰু শুভকামনা আমাক প্ৰয়োজন ।’

দ্ৰুত গতিত ভাইৰেল হৈছে এতিয়া শ্ৰেয়াৰ ছবি । ১০ মিনিটৰ ভিতৰতে ডেৰ হেজাৰতকৈও অধিক লোকে এই ছবি প্ৰত্যক্ষ কৰিছে সম্প্ৰতি অনুৰাগীসকলে শুভেচ্ছাৰে উপচাই পেলাইছে জনপ্ৰিয় গায়িকাগৰাকীৰ টুইট ।

Exit mobile version