বকোত ঈৰাণী গ্ৰুপৰ সন্ত্ৰাস

বকোত ঈৰাণী গ্ৰুপৰ সন্ত্ৰাসে সাধাৰণ জনতাৰ নিদ্ৰা হৰণ কৰিছে। বিগত কিছুদিন ধৰি বৃহত্তৰ বকো অঞ্চলত অব্যাহত আছে ঈৰাণী গ্ৰুপৰ সন্ত্ৰাস। সমান্তৰালভাৱে আজি এগৰাকী মহিলাৰ পৰা কৌশলেৰে ধন লুট কৰে ঈৰাণী গ্ৰুপে।

বকো এপেক্স বেংকৰ পৰা লক্ষ্মীমা বড়োৱে ৩৭ হেজাৰ টকা উলিয়াইছিল । মহিলাগৰাকীৰ পিছ লৈছিল তিনিজন দুৰ্বৃত্তই। কাপোৰত সানি দিয়া হৈছিল লেটেৰা পদাৰ্থ। ধুবলৈ শক্তিৰূপা মেডিক’জত সোমাওঁতেই ধনৰ টোপোলা লৈ উধাও হ’ল দুৰ্বৃত্তৰ দলটো।

পূৰ্বেও এনেধৰণৰ বহুকেইটা ঘটনা সংঘটিত হৈছে বকোত। হালৰ গৰু ক্ৰয় কৰিবলৈ টকা উলিয়াইছিল মহিলাগৰাকীয়ে ।

Exit mobile version