হঠাৎ বন্ধ কৰি দিয়া হ’ল তাজমহলৰ দুৱাৰ, কিন্তু কিয়?

পঢ়ক সবিশেষ

thequint 2020 05 3df882d1 a1a5 4744 814b 5ea5c9b1db4e Taj Mahal

বৃহস্পতিবাৰে হঠাৎ তাজ মহলত সৃষ্টি হ’ল চঞ্চল্য। বিগত দিনৰ দৰেই বৃহস্পতিবাৰেও ৰাতিপুৱাৰ পৰা ভিৰ লাগে পৰ্যটকৰ। এনেতেই এজন অচিনাক্ত লোকৰ পৰা আৰক্ষীলৈ এটা ফোন ।ফোনত কোৱা হয় যে তাজমহলত ৰখা হৈছে এটা বোমা।

খবৰটো পোৱাৰ পাছতেই অঞ্চলটোত চঞ্চল্যৰ সৃষ্টি হয়।আৰক্ষীয়ে অঞ্চলটো খালি কৰিবলৈ আহ্বান জনায় ।লগতে দ্ৰুত গতিত খালি কৰি দিয়া হয় তাজমহল ।বন্ধ কৰি দিয়া হয় তাজমহলৰ সকলো দুৱাৰ ।

পাছত আৰক্ষীৰ তদন্তত গম পোৱা যায় যে আতংক সৃষ্টি কৰিবলৈ কোনো দুস্কৃতিকাৰীয়ে আৰক্ষীক ফোন কৰিছিল । যুৱকজন ফিৰোজাবাদৰ বাসিন্দা। আৰক্ষীয়ে যুৱকজনক প্ৰশ্ন কৰাত যুৱকজনে কয় যে সেনাবাহিনীত কাম নপোৱাৰ ক্ষোভত তেওঁ এই ভুৱা ফোন কৰিছিল ।

ইফালে, বৃহস্পতিবাৰে পুৱা ফোনটো পোৱাৰ পাছতে বিস্ফোৰক বিশেষজ্ঞসকলে সন্ধিয়া প্ৰায় ৭.৩০ বজাত তাজ মহলত উপস্থিত হয়। তাৰ পাছত সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি অনুসন্ধান আৰম্ভ কৰা কৰে।

চিআইএছএফ আৰু বিস্ফোৰক বিশেষজ্ঞসকলে বিভিন্ন স্থানত অনুসন্ধান কৰে। আৰক্ষীয়ে কয় যে প্ৰথমতে ভবা হৈছিল যে ফোনটো আলিগড়ৰ পৰা আহিছে।কিন্তু পাছত তদন্তত আৰক্ষীয়ে ফিৰোজাবাদৰ ফোন নম্বৰ বিচাৰি পায় ।সমস্যা সমাধান হোৱাৰ পাছতেই পুনৰ মুকলি কৰা হয় তাজমহলৰ দুৱাৰ ।

ক’ৰনা ভাইৰাছ সংক্ৰমণ বিয়পি যোৱা প্ৰতিহত কৰিবলৈ যোৱা বছৰৰ ১৭ মাৰ্চৰ পৰা তাজমহলৰ দুৱাৰ বন্ধ কৰি দিয়া হৈছিল । বিগত ছয় মাহ বন্ধ থকাৰ পাছত যোৱা বছৰৰ ছেপ্টেম্বৰত পৰ্যটকসকলৰ বাবে পুনৰ মুকলি কৰা হয় তাজমহল।

Exit mobile version