ৰণােজ-ভুৱনক বিদায় দিয়াৰ সময় উপস্থিত :সৰৱ মিচিং সংগঠন

Screenshot 249

ধেমাজিৰ শাসকীয় দলৰ বিধায়ক ডাঃ ৰণােজ পেগুৰ নেগুৰত ধৰি জোনাইৰ সন্মিলিত গণশক্তিৰ একমাত্র বিধায়ক ভুৱন পেগুৱে বিজেপিত যােগদান কৰাৰ লগে লগে সাধাৰণ মিচিং সমাজ জাঙুৰ খাই উঠিছে। মিচিং অধ্যুষিত অঞ্চলত গণতান্ত্রিক প্রতিবাদ চলি থকাৰ উপৰি ঠায়ে ঠায়ে এই প্রতিবাদে ক্রমান্বয়ে হিংসাত্মক ৰূপ ধাৰণ কৰিছে।

বলিউদী চিনেমাৰ ষ্টাইলত ক’বলৈ গলে এয়া কেৱল নৃত্যনাটিকাহে। চিনেমা এতিয়াও বাকী আছে; কিয়নাে নির্বাচনলৈ এতিয়াও কেইটমান দিন বাকী আছে। ভুৱন পেগুৰ বিজেপিমুখী যাত্রাক গৰিহণা দি মিচিং জাতিৰ পিতৃ সংগঠন মিচিং বানে কেবাঙৰ (এম বি কে) প্রাক্তন যুটীয়া সম্পাদক আৰু বর্তমান মিচিং আর্টিষ্ট এছচিয়েছনৰ মুখপাত্র জুৱেল পেগুৱে কয় যে ৰণােজ আৰু ভুৱন দুয়াে মিলি চাংঘৰত জুই লগালে।

এই জুইৰ লেলিহান শিখাত সমগ্র জাতিটোৰ ৰাজনৈতিক পৰিচয় পুৰি ছাৰখাৰ হ’ব। এইদৰে ক্ষোভ উজাৰি তেওঁ এই দুয়ােজন স্বয়ম্ভু নেতাই মিলি জাতিটোক বণিয়াৰ হাতত বন্ধকত থৈ নিজৰ ৰাজনৈতিক লিপ্সা পূৰণ কৰিবলৈ আগবাঢ়িছে বুলি কয়। পেগুৱে কয়, ‘এয়া কেতিয়া হ’বলৈ দিব নােৱাৰি। ইয়াৰ তীব্র প্রতিবাদ হােৱা উচিত।

মিচিং সমাজৰ বিভিন্ন জাতীয় দল-সংগঠনৰ লগত যােৱা ২৫ বছৰে সেৱা আগবঢ়োৱা পেগুৱে লগতে কয় যে সেই দুয়ােজন নেতাই মিলি মিচিং জাতিৰ উন্নয়নৰ কাৰণে মিচিং স্বায়ত্তশাসিত পৰিষদৰৈ আবণ্টিত পুঁজি আত্মসাতৰ পাছত জেললৈ যােৱাৰ ভয়তে বিজেপিলৈ ঢাপলি মেলিছে। দুই পেগুৰ এনে ৰাজনীতিৰ বিৰুদ্ধে দিন যােৱাৰ লগে লগে মিচিং জনগােষ্ঠীৰ মাজত ক্ষোভ বৃদ্ধি পাইছে।

নিখিল ভাৰত জনজাতীয় ছাত্র এছ’চিয়েছনৰ উপদেষ্টা অৰিন্দম প্রিন্স পাংগিঙে এই সম্পর্কত কয়, ‘ৰণােজ আৰু ভুৱনৰ বিজেপি গমন সমগ্র জাতিটোৰ বাবে দুর্ভাগ্যজনক। সাম্প্রতিক সময়ত দুয়ােজন নেতাই লক্ষ্যভ্রষ্ট, পথভ্রষ্ট আৰু মেৰুদণ্ডহীন। তেওঁ আৰু কয় যে সচেতন নাগৰিক সমাজে উপলব্ধি কৰা উচিত যে ৰণােজ আৰু ভুৱনে জাতিটোক আৱেগিক কৰি ষষ্ঠ অনুসূচী, ভাষা ৰক্ষা, জাতীয় পৰিচয় প্রতিষ্ঠাৰ নামত পণবন্দী কৰি নিজৰ ৰাজনৈতিক স্বার্থহে পূৰণ কৰিলে।

সেয়েহে এয়াই বিকল্প চিন্তাৰ উপযুক্ত সময় বুলি পাংগিঙে মন্তব্য কৰে। দীর্ঘদিন ধৰি মিচিং জনগােষ্ঠীক বন্ধকত থৈ ৰাজনীতি কৰি অহা ৰণােজ-ভুৱনৰ বিৰুদ্ধে সৰৱ হৈছে বিভিন্ন সংগঠনৰ নেতৃত্ব। লিবাৰেল ডেমক্রেটিক কাউন্সিল অৱ মিচিংলেণ্ডৰ সভাপতি ৰােহন পাতিৰে এই সম্পর্কত কয় যে সমগ্র মিচিং জাতিয়ে এতিয়া নতুন নেতাৰ সন্ধান কৰিব লাগিব। সেই দুয়ােজন নেতাক দুনাই বিশ্বাসত ল’ব নােৱাৰি।

তাৎপর্যপূর্ণ যে জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে শাসকীয় বিজেপিত যােগদান কৰি মিচিং জাতিৰ একমাত্র আঞ্চলিক দল সন্মিলিত গণশক্তি পার্টিক মৃত্যুমুখলৈ ঠেলি মুকলিকৈ প্রতিবাদ কৰাটো দূৰৰে কথা নিজৰ প্রতিক্রিয়াকে প্রকাশ কৰিবলৈ সাহস গােটাব পৰা নাই সচেতন নাগৰিকৰ অভিযােগ-মিচিং জনগােষ্ঠীৰ পিতৃ সংগঠন মিচিং বানে কেবাং (এম বি কে), টাকাম মিচিং পৰিণ কেবাং, (টি এম পি কে), মিচিং আগম কেবাং (এম এ কে), মিচিং সংগ্রামী মঞ্চ (এম এম কে) প্রমুখ্যে মিচিং মহিলা সমিতি আদিৰ নেতৃত্বই।

সকলােৱে ৰণােজ আৰু ভুৱনৰ নিয়ন্ত্ৰণত পুতলা সদৃশ বিষয়বাব লৈ হাত সাবটি বহি আছে। সেয়েহে জাতীয় দল-সংগঠনলৈ ভৰসা নকৰি ৰণােজ আৰু ভুৱনৰ কুচক্ৰান্তৰ পৰা জাতিক বচাবলৈ সাধাৰণ জনতা ৰাজপথলৈ ওলাই আহিছে। উল্লেখ্য যে এই সম্পর্কত এম এ কে, এম বি কে, টি এম পি কে আদি অন্যান্য মিচিং জাতীয় দল-সংগঠনৰ লগত যােগাযােগ কৰি প্রতিক্রিয়া জানিবলৈ চেষ্টা কৰিছিল যদিও তেওঁলােকে মন্তব্য দিয়াৰ পৰা বিৰত থাকে। মিচিং জাতীয় দল-সংগঠনৰ এনে ৰহস্যয়ম নীৰৱতাৰ বিপৰীতে সাধাৰণ জনতাই কিন্তু ভুৱন আৰু ৰণােজৰ এনে সিদ্ধান্তৰ বিৰুদ্ধাচৰণ কৰি ৰাজপথত প্রতিবাদ অব্যাহত ৰাখিছে। জনতাৰ স্পষ্ট মত জোনাই আৰু ধেমাজি বিধানসভা সমষ্টিৰ আগন্তুক নির্বাচন হ’ব ভুৱন আৰু ৰণােজৰ বিদায় পর্ব।

Exit mobile version