এতিয়াৰ পৰা গীতা-ৰামায়ণ পঢ়িব মাদ্ৰাছাৰ শিক্ষাৰ্থীয়ে

নতুন শিক্ষানীতিৰ অধীনত পাঠ্যক্ৰম মুকলি

madarsa story 647 081117050521 0 1

এতিয়াৰ পৰা দেশৰ এশখন মাদ্ৰাছাত পঢ়ুওৱা হ’ব ভাগৱত, গীতা আৰু ৰামায়ণ । আজি এই বিষয়ৰ পাঠ্যক্ৰমো মুকলি কৰা হ’ল । ‘নেচনেল ইনষ্টিটিউট অৱ অপেন স্কুলিং (এনআইঅ’এছ)ৰ অন্তৰ্গত মাদ্ৰাছাসমূহত অন্তৰ্ভুক্ত হ’ব প্ৰাচীন ভাৰতীয় দৰ্শন আৰু ঐতিহ্যক কেন্দ্ৰ কৰি প্ৰস্তুত কৰা পাঠ্যক্ৰম । কেন্দ্ৰৰ নতুন শিক্ষানীতি মানিয়েই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

এনআইঅ’এছৰ অধ্যক্ষ সৰোজ শৰ্মাই কয় যে সম্প্ৰতি এশখন মাদ্ৰাছাত তৃতীয়, পঞ্চম আৰু অষ্টম শ্ৰেণীৰ পাঠ্যক্ৰমত থাকিব গীতা আৰু ৰামায়ণ । ভৱিষ্যতে পাঁচশ মাদ্ৰাছাত আৰম্ভ হ’ব এই বিষয়ৰ পাঠদান । শৰ্মাই জনায় যে সম্প্ৰতি ‘ভাৰতীয় জ্ঞান পৰম্পৰা’ৰ বিষয়ত ১৫টা পাঠ্যক্ৰম প্ৰস্তুত কৰা হৈছে । ইয়াত থাকিব বেদ, যোগ, বিজ্ঞান, ৰামায়ণ আৰু মহাভাৰতৰ দৰে মহাকাব্যৰ বিষয়ৰ পাঠ ।

উল্লেখ্য যে ‘নেচনেল ইনষ্টিটিউট অৱ অপেন স্কুলিং’ স্বয়ংচালিত প্ৰতিষ্ঠান যদিও শিক্ষা মন্ত্ৰণালয়ৰ অধীনস্থ । কালি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিৱালে নতুন দিল্লীত এই পাঠ্যক্ৰম উন্মোচন কৰে ।

প্ৰায় ৩৪ বছৰৰ পাছত যোৱা বছৰৰ জুলাইত পৰিৱৰ্তন সাধন কৰা হয় নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিত । প্ৰাথমিকৰ পৰা উচ্চশিক্ষা, শিক্ষা ব্যৱস্থাৰ নক্সাত আমূল পৰিৱৰ্তন অনা হয় এই নীতিত । সংবাদমেলৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এই পৰিৱৰ্তনৰ কথা সদৰী কৰিছিল ।

এই নতুন শিক্ষানীতিত শিক্ষাৰ আওতালৈ অনা হৈছে তিনিৰ পৰা ১৮ বছৰৰ ভিতৰৰ শিক্ষাৰ্থীসকলক । পৰিৱৰ্তন ঘটোৱা হৈছে পৰীক্ষা ব্যৱস্থাতো । মানৱসম্পদ উন্নয়ন মন্ত্ৰালয়ৰ নাম সলাই কৰা হৈছে শিক্ষা মন্ত্ৰালয় । স্বাধীনতাৰ পাছৰ পৰা সংশ্লিষ্ট মন্ত্ৰণালয়টো মানৱ সম্পদ উন্নয়ন নামেৰেই পৰিচিত আছিল ।

নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিত গুৰুত্বহীন হৈ পৰিছে দশম বা দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা । এই পৰীক্ষাত শিক্ষাৰ্থীসকলৰ মুখস্থ বিদ্যাৰ পৰিৱৰ্তে হাতে-কলমে গ্ৰহণ কৰা শিক্ষাত জোৰ দিয়া হ’ব । প্ৰতি বছৰৰ পৰীক্ষাৰ পৰিৱৰ্তে তৃতীয়, পঞ্চম আৰু অষ্টম শ্ৰেণীত পৰীক্ষা লোৱাৰ ছুপাৰিছ কৰা হৈছে ।

দশম শ্ৰেণীৰ পাছত উঠি যাব কলা, বিজ্ঞান বা বাণিজ্য বিভাগৰ তফাৎ । পদাৰ্থবিদ্যা লৈ পঢ়িলেও পাঠ্যক্ৰমত থাকিব পাৰে সংগীত । পদাৰ্থবিদ্যা, ৰাসায়ন লৈ পঢ়িলেও শিক্ষাৰ্থীসকলে লাভ কৰিব ফেশ্বন ডিজাইনিং পঢ়াৰ সুযোগ । অৱশ্যে বিশ্লেষকৰ একাংশই মন্তব্য কৰিছে যে নতুন নীতিৰ শিক্ষা ব্যৱস্থাটো নিজৰ কুক্ষিগত কৰিলে কেন্দ্ৰই ।

Exit mobile version