নুমলীগড়ত ‘এনএফডি ট্ৰেভেল এজেন্সি’ মুকলি

নুমলীগড় শোধনাগাৰৰ সমীপৱৰ্তী ব্যস্ত তেলগৰমত আজি প্ৰথমবাৰৰ বাবে এখন ট্ৰেভেল এজেন্সি মুকলি কৰা হয়। ‘এনএফডি ট্ৰেভেল এজেন্সি প্ৰাইভেট লিমিটেড’ নামেৰে কোম্পানী এটা পঞ্জীয়ন কৰি নুমলীগড়ৰ দিপজ্যোতি বৰুৱাৰ নেতৃত্বত তিনিজন উদ্যোগী যুৱকে আৰম্ভ কৰিবলৈ লোৱা এজেন্সিৰ কাৰ্যালয় আজি তেলগৰমত মুকলি কৰে।

নুমলীগড় শোধনাগাৰৰ সমাজ কল্যাণ বিভাগৰ জ্যেষ্ঠ প্ৰৱন্ধক দেৱাঞ্জন বৰাই ফিটা কাটি কাৰ্যালয় উদ্বোধন কৰে। ইয়াৰ পাছতে নুমলীগড় আৰক্ষী থানা উপ-সমিতিৰ সভাপতি যোগেন বৰুৱাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত এনআৰএলৰ প্ৰৱন্ধক দেৱাঞ্জন বৰাই ভাষণ প্ৰদান কৰি যুৱকসকলৰ এই উদ্যোগৰ শলাগ লয়।

বিশিষ্ট সাংবাদিক-সমাজকর্মী প্ৰিয়ংদ্বীপ কাকতিয়ে অঞ্চলটোৰ সুস্থ পৰিৱেশ বৰ্তাই ৰখাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ নৱপ্ৰজন্মক আহ্বান জনায়।

অনুষ্ঠানত নুমলীগড় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মাধুৰ্য দাধৰা আৰু সাংবাদিক চবিত বিষ্টই শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়।

Exit mobile version