শান্তিপূৰ্ণ নিৰ্বাচনৰ লক্ষ্যৰে ধুবুৰীত নিৰাপত্তা পৰ্যালোচনা বৈঠক

কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীসমূহৰ লগতে গাঁওৰক্ষী বাহিনীৰো সহযোগিতা কামনা জিলা উপায়ুক্তৰ

WhatsApp Image 2021 03 05 at 6.42.40 PM

ধুবুৰী জিলাৰ অন্তৰ্গত পাঁচটা বিধানসভা সমষ্টিত নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ উদেশ্যেৰে আজি ধুবুৰীৰ উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত এখন নিৰাপত্তা পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় ৷ জিলা উপায়ুক্ত তথা ধুবুৰী জিলা নিৰ্বাচন বিষয়া দেৱ কুমাৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত ধুবুৰী নিৰ্বাচন জিলাৰ তিনিটা আৰু বিলাসীপাৰা নিৰ্বাচন জিলাৰ দুটা সমষ্টিৰ নিৰাপত্তাৰ দিশটো বিশ্লেষণ কৰা হয়৷

উপায়ুক্ত দেৱ কুমাৰ কলিতাই নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাত জিলাখনত নিয়োজিত হৈ থকা নিৰাপত্তা বাহিনীসমূহৰ সহযোগিতা কামনা কৰে৷ বিশেষকৈ ভাৰত-বাংলাদেশ সীমন্তৱৰ্তী অঞ্চলত থকা ভোট কেন্দ্ৰত শান্তিপূৰ্ণ ভোটগ্ৰহণৰ বাবে বিএছএফৰ সহায় অপৰিহাৰ্য বুলি কয় জিলা উপায়ুক্তগৰাকীয়ে ৷ তেওঁ গাঁওৰক্ষী বাহিনীক নিৰপেক্ষতাৰে কাম কৰি আৰক্ষীক সহযোগ কৰিবলৈ আহ্বান জনায় ৷

বৈঠকত অংশ লৈ ধুবুৰীৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই কয় যে, নিৰাপত্তা বাহিনীৰ ৫৬ টা অতিৰিক্ত কোম্পানী বিচৰা হৈছে ৷ এই কোম্পানীবোৰ আহি নোপোৱালৈকে ইতিমধ্যে জিলাখনত নিয়োজিত হৈ থকা বিএছএফ আৰু অন্য কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱানসকলক সক্ৰিয়তাৰে আৰক্ষীক সহযোগ কৰি যাবলৈ তেঁও আহ্বান জনায় ৷

আৰক্ষী অধীক্ষকগৰাকীয়ে গাঁওৰক্ষী বাহিনীক তৎপৰতাৰে তৃণমূল পৰ্যায়ৰ আইন-শৃংখলাজনিত খবৰবোৰ আৰক্ষীক জনাই যাবলৈ আহ্বান জনায় ৷
চৰ অঞ্চলত থকা ভোটগ্ৰহণ কেন্দ্ৰৰ নিৰাপত্তাৰ দিশত অধিক মনোযোগ দিব বুলিও মন্তব্য কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে । পূৰ্বৰ ধাৰা অব্যাহত ৰাখি এইবাৰো ধুবুৰীত নিৰ্বাচন শান্তপূৰ্ণ হ’ব বুলি তেওঁ আশাপ্ৰদ ৷

বৈঠকত ভাগ লৈ বিলাসীপাৰাৰ জিলা নিৰ্বাচন বিষয়া তথা বিলাসীপাৰৰ মহকুমাধিপতি মৃদুল যাদৱে কয় যে, এইবাৰ ভোটগ্ৰহণৰ অন্তিম সময় সন্ধিয়া ছয় বজালৈ বৃদ্ধি কৰা হৈছে বাবে ভোটগ্ৰহণ অন্ত পৰালৈ আন্ধাৰ নামিব আৰু সেয়ে প্ৰক্ৰিয়াটো শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ নিৰাপত্তা বাহিনীৰ দায়িত্ব অধিক হ’ব ৷ বৈঠকত অতিৰিক্ত উপায়ুক্ত পল্লৱ মজুমদাৰকে ধৰি জিলা প্ৰশাসনৰ কে’বাজনো বিষয়া, বিএছএফ, আইটিবিপি, চিআৰপিএফ, আইবি আৰু আৰক্ষীৰ কে’বাজনো বিষয়া, গাওঁৰক্ষী বাহিনীৰ কৰ্মকৰ্তা উপস্থিত থাকে৷

Exit mobile version