থাইলেণ্ড প্ৰজাতিৰ আপেল বগৰীৰ খেতিৰে স্বাৱলম্বীতাৰ পথ দেখুৱাইছে গোৱালপাৰাৰ কৃষক আব্দুল হালিমে

IMG 20201231 WA0010

থাইলেণ্ড প্ৰজাতিৰ আপেল বগৰীৰ খেতিৰে পশ্চিম গোৱালপাৰাৰ আমবাৰীৰ নিকটৱতী আবৰাৰভিটাৰ কৃষক আব্দুল হালিমে স্বাৱলম্বীতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । ৰাষ্ট্ৰীয় বটাঁপ্ৰাপ্ত কৃষক আব্দুল হালিমে জানিবলৈ দিয়া মতে আপেল আৰু বগৰীৰ বীজৰ প্ৰজনন ঘটাই তেওঁ নিজেই উৎপাদন কৰিছে এই বগৰী । উল্লেখ্য যে ২০০৯-১০ বৰ্ষত তেওঁ ভাৰতৰ দ্বিতীয় শ্রেষ্ঠ কৃষকৰ বটা লাভ কৰিবলৈ সক্ষম হৈছিল ।

২০১২-১৩ চনতো আব্দুল হালিমে অসমৰ শ্ৰেষ্ঠ কৃষকৰ বটা লাভ কৰে । আবৰাৰভিটাৰ কৃষক জব্বাৰ আলমৰ সন্তান আব্দুল হালিমে দৰিদ্রতাৰ বাবেই অষ্টম শ্রেণীতে পঢ়া-শুনা এৰি পিতৃৰ স’তে কৃষি কাৰ্যত জড়িত হয় ।

আৰম্ভণিতে নিজ ঘৰৰ খেতি বাতি কৰাৰ উপৰিও হালিমে ওচৰ চুবুৰীয়াৰ খেতি পথাৰতো দিন হাজিৰা কৰি জীৱিকা মোক লাইছিল। পিছলৈ পৰিয়ালৰ দুৰ্দিনত দেউতাকৰ মাটিখিনিও বন্ধকত থবলগীয়া হৈছিল ।

সৰ্বস্ব হেৰুৱাই আব্দুল হালিমে অসম তথা ভাৰতৰ ভিন্ন প্ৰান্তৰ লগতে বৰপেটাত এজন কৃষকৰ ঘৰত থাকি দিন হাজিৰা হিচাপত কৃষি কাম কৰিছিল । সেই দিন হাজিৰাৰ ধনেৰে পিতৃৰ বন্ধকৰ মাটিখিনি মোকলাই পূর্বৰ অভিজ্ঞতাৰে ১৯৯৮ চনৰ পৰা কৃষি কাৰ্য আৰম্ভ কৰিছিল ।

বৰ্তমানে তেওঁ হাইব্ৰিড আৰু বিভিন্ন ধৰণৰ উন্নতমানৰ খেতি কৰি অসমৰ এজন সফল কৃষক ৰূপে পৰিচয় দিবলৈ সক্ষম হৈছিল । বিশেষকৈ তেওঁ আপেল আৰু বগৰীৰ সংমিশ্ৰণ ঘটাই পাচ প্ৰকাৰৰ বগৰী উৎপাদন কৰাৰ উপৰি উন্নতমানৰ মধুৰিআম , বিলাহী, জলকীয়া আদি খেতি কৰি সন্তোষজনক উপাৰ্জন কৰিছে ।

তেওঁ নিজ ঘৰতেই এমু চৰাই পোহে আৰু এইবিধ চৰায়ে বছৰেকত ৫০-৬০ টাকৈ কণী দিয়ে । প্ৰতিটো কণীৰ মূল্য এক হেজাৰৰ পৰা ১২শ টকাকৈ । তদুপৰি আব্দুল হালিমে ‘ভাৰত নাৰ্ছাৰী’ নামেৰে এখন নাৰ্ছাৰী খুলিছে য’ত সহস্রাধিক উন্নতমানৰ গছপুলি বছৰৰ প্ৰতিটো ঋতুতেই পোৱা যায় । এইবাৰ আব্দুল হালিমে বগৰী, মধুৰিআমৰ উপৰি বিঘাই বিঘাই কৰিছে উন্নতমানৰ বিলাহী , জলকীয়া, ফুলকবি , বন্ধাকবি, বেঙেনা,সৰিয়হ, মটৰ আৰু অমিতাৰ খেতি ।

এইবোৰ উন্নতমানৰ খেতি কৰি লাখ লাখ টকা উপার্জন কৰিবলৈ সক্ষম হৈছে আব্দুল হালিমে ।এতিয়া নিজে উপাৰ্জন কৰাৰ লগতে আন দহজনৰ সংস্থাপন দিব পাৰিছে ।সেয়ে চাকৰিৰ পিছে পিছে মূল্যৱান সময় নষ্ট নকৰি খেতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আত্মসংস্থাপন হবলৈ নিবনুৱা যুৱক যুৱতীসকলক আহ্বান জনাইছে আব্দুল হালিমে  ।

Exit mobile version