নিমাতীঘাটৰ দুই নম্বৰ বুলহেডত ভয়ংকৰ গৰাখহনীয়া : ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ আশংকা

ব্ৰহ্মপুত্ৰৰ দক্ষিণমুৱা গতি-প্ৰবনতাই লৈছে ভয়ংকৰ ৰূপ

IMG 20210306 WA0007

ব্ৰহ্মপুত্ৰৰ দক্ষিণমুৱা গতি-প্ৰৱণতাৰ বাবে ঐতিহাসিক নিমাতীঘাটৰ মানচিত্ৰ সলনি হোৱাৰ দিশে আগবাঢ়িছে। যোৱা বাৰিষাত ভয়ংকৰ ৰূপত বৃদ্ধি পোৱা খহনীয়াৰ কোপত নিমাটি ঘাটলৈ যোৱা পকী পথটোৰ বহু অংশ ক্ষতি সাধন কৰাৰ পাছত বৰ্তমান নামনি অংশত অৱস্থিত থকা দুই নম্বৰ বুলহেডটো খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে।

উল্লেখযোগ্য যে যোৱা কে’বাবছৰ ধৰি বিশাল জল ৰাশি ব্ৰহ্মপুত্ৰৰ দক্ষিণলৈ গতি কৰা দেখা গৈছে। জল সম্পদ বিভাগৰ মতে মাজুলীৰ দিশে শৈল ষ্পাৰ নিৰ্মাণ কৰাৰ পাছৰে পৰা ব্ৰহ্মপুত্ৰৰ মূল ধাৰটোৱে নিমাটি ঘাটকে ধৰি নদীখনৰ দক্ষিণ দিশৰ বিভিন্ন অংশত খুন্দা মৰা দেখা গৈছে। ফলত সমগ্র অঞ্চলটোতে বছৰৰ অধিকাংশ সময় খহনীয়া গৈ হৈ থাকিবলৈ লয়। এই বুলহেডতে খুন্দা মাৰে আৰু বুলহেডত লাগি মূল ধাৰটোৰ তীব্ৰতা কিছু হ্ৰাস পায়।

কিন্তু নিমাতিঘাটৰ বাবে ৰক্ষা কৱচ স্বৰূপ এই বুলহেডটো ক্ৰমে দুৰ্বল হৈ আহিছে আৰু সন্মুখ ভাগ পানীৰ মাজলৈ সোমাই যাবলৈ ধৰিছে। তাৰ পাছতো কিন্তু ৰহস্যজনকভাৱে জল সম্পদ বিভাগে নিমাতিঘাটৰ বাবে ৰক্ষা কৱচ স্বৰূপ বুলহেডৰ কোনো মেৰামতি কৰা নাই। মুখ্যমন্ত্ৰী হৈয়ে সৰ্বানন্দ সোনোৱালে বাৰিষাৰ পূৰ্বেই জল সম্পদ বিভাগক মথাউৰি নিৰ্মাণ, খহনীয়া প্ৰতিৰোধ আদি কামসমূহ শেষ কৰাৰ নিৰ্দেশ জাৰি কৰিছিল যদিও সেয়া বাস্তৱত ৰূপায়ন হোৱা দেখা নগল।

উল্লেখযোগ্য যে ২০০১ তে নিমাটি ৰক্ষাৰ স্বাৰ্থত ৩১ কোটি টকা ব্যয় সাপেক্ষে দুটা বুলহেড আৰু তিনিটা শৈল স্পাৰ নিৰ্মাণ কৰিছিল। তাৰে প্রথমটো বুলহেদে সঠিক ভাৱে কাম কৰাৰ ফলত ওপৰৰ অংশ কিছু বৰ্তমানেও সুৰক্ষিত হওঁ আছে। কিন্তু দ্বিতীয় বুলহেডটো নিজে দুৰ্বল হৈ পৰাত আৰু বিভাগীয় কৰ্তৃপক্ষই সঠিক ভাবে মনোনিবেশ নকৰাত এতিয়া জোৰ পুৰি হাত পালেহি।

খুব খৰতকীয়াকৈ যদি বুলহেডটোৰ মেৰামতি কৰা নহয়, তেন্তে সমাগত বাৰিষাত নিমাটিৰ সুৰক্ষাৰ চৰম ভাবুকি নামি আহিব। কেৱল ঐতিহাসিক নিমাতীঘাটেই নহয়, খহনীয়াই যোৰহাটৰ ৰক্ষা কৱচ স্বৰূপ বৰ আলি স্পৰ্শ কৰিব। তেতিয়া আৰু ব্ৰহ্মপুত্ৰক কোনেও ৰুধিব নোৱাৰিব। সমগ্ৰ উত্তৰ যোৰহাট ভয়ংকৰ বান পানীৰ কৱলত পৰিব। আনকি দেৰগাঁও নগৰ পৰ্যন্ত সেই বানে ক্ষতি কৰাৰ আশংকা কৰিছে বান বিশেষেজ্ঞসকলে।

অথচ সেইটো হবলৈকে আগবাঢ়িছে। খবৰ নাই চৰকাৰ তথা জল সম্পদ বিভাগৰ। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ৰাজ্যৰ প্ৰাক্তন জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই এই খহনীয়া পৰিদৰ্শন কৰি যায়হি যদিও তাৰ বাবে কোনো আঁচনি ঘোষণা কৰা নাই। অৱশ্যে বিভাগীয়ভাৱে বুলহেডটো সুৰক্ষাৰ বাবে এল আঁচনি প্ৰস্তুত কৰি চৰকাৰৰ ঘৰত জমা দিয়া হৈছে বুলি জল সম্পদ বিভাগৰ এক সূত্ৰই জানিবলৈ দিয়ে।

Exit mobile version