পশ্চিম গুৱাহাটীত মিত্ৰজোঁটৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক উৎকণ্ঠাৰ অন্ত

 অষ্টমবাৰৰবাবে প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হ'ব অগপৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতা

Ramendra Narayan kalita

তৃতীয় তথা শেষ পৰ্যায়ত অহা ছয় এপ্ৰিলত অনুষ্ঠিত হবলগীয়া ৫৪ নং পশ্চিম গুৱাহাটী বিধানসভা নিৰ্বাচনত অগপ-বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক উৎকণ্ঠাৰ অন্ত পৰিছে । শুকুৰবাৰে নিশা সকলো জল্পনা কল্পনাৰ অন্ত পেলাই বৰ্তমানৰ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি অগপ আৰু বিজেপি দলে আনুষ্ঠানিক ঘোষণা কৰাৰ পাছতেই বিগত ২০১৬ চনৰ দৰে কলিতা পুনৰ মিত্ৰজোঁটৰ উমৈহতীয়া প্ৰাৰ্থী হোৱাটো নিশ্চিত হয় ।

ফলত বিগত দিনকেইটাত সমষ্টিটোত এইবেলি অগপ নে বিজেপি কাৰ হাতলৈ যাব তাক লৈ চলি থকা উৎকণ্ঠাৰ অন্ত পৰে । আনহাতে ইয়াৰ বিপৰীতে কংগ্ৰেছ নেতৃত্বাধীন মহাজোটে এইপৰ্যন্ত প্ৰাৰ্থীৰ নাম ৰাজহুৱা কৰা নাই । কংগ্ৰেছ দলৰ এক সূত্ৰই সদৰি কৰা অনুসৰি দলে ১৫ বা ১৭ মাৰ্চতহে প্ৰাৰ্থী চূড়ান্ত কৰিব । দলটোৰ হৈ প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা , দলৰ জনজাতি কোষৰ নেতা লক্ষ্মণ ৰাভা , সংগীতকাৰবাবু বৰুৱাকে ধৰি সাতজনে টিকটৰ বাবে আবেদন কৰিছে ।

ইফালে বিজেপি দলৰ হৈ বিগত দিনকেইটাত সমষ্টিটোত যুৱ নেতা অশোক কুমাৰ ভৰালী , দলৰ সংবাদ কোষৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰল , জেষ্ঠ নেতাদ্বয় তথা অসম বিত্তীয় নিগমৰ অধ্যক্ষ বিজয় গুপ্তা আৰু জি এম ডি এৰ উপাধ্যক্ষ মুকুটা ডেকাই সাংগঠনিক কাম কাজৰ জৰিয়তে টিকট লাভৰ বাবে দলীয় নেতৃত্বক হেঁচা প্ৰয়োগ কৰি আহিছিল । আনকি সমষ্টিটো এইবেলি বিজেপিক এৰি দিব লাগিব বুলি সমষ্টিৰ মণ্ডল কমিটি সমূহে দলৰ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় নেতৃত্বক হেঁচা দিছিল ।

কিন্তু বিজেপিৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক নেতৃত্বই পুনৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাকে বাহাল ৰখাত সেই উৎকণ্ঠাৰ অন্ত পৰে । আনহাতে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে নিশ্চিত হোৱাৰ পাছত ৰমেন্দ্ৰ নাৰায়ণ কলিতাই পশ্চিম গুৱাহাটীত একেৰাহে এইবাৰ অষ্টম বাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব । ১৯৮৫ চনৰ পৰা ২০০১ চনলৈ একেৰাহে তিনিবাৰ , ১৯৯৬ চনত আৰু ২০১৬ চনত এবাৰকৈ মুঠ পাঁচবাৰ বিধায়ক হোৱাৰ সমষ্টিত বিৰল গৌৰৱৰ অধিকাৰী হোৱাৰ সোঁভাগ্য ঘটা ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সমষ্টিৰ উন্নয়নকে মূল লক্ষ্য ৰাখি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জানিবলৈ দিছে ।

বিশেষকৈ কংগ্ৰেছ নেতৃত্বাধীন অপবিত্র মহাজোঁটক ওফৰাই ৰাইজৰ সেৱা কৰিবলৈ মিত্ৰজোঁতে পুনৰ সুযোগ দিয়া বাবে কলিতাই অগপ নেতৃত্বৰ উপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ , বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাদ্দা , মূখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল , নেডাৰ আহ্বায়ক ডঃ হিমন্ত বিশ্ব শৰ্মা , বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসক ধন্যবাদ জ্ঞাপন কৰিছে।

সমান্তৰালভাবে আগন্তক নিৰ্বাচনত অগপ-বিজেপি মিত্ৰজোটৰ নেতৃত্বত থকা আটাইকেইটা দলৰে নেতা- কর্মীসকলে সমূহীয়া ভাবে যোৱাবাৰতকৈও এইবাৰ ৰাইজৰ সহযোগত বিপুল ভোটৰ ব্যৱধানত তেওঁক বিজয়ী কৰাব বুলি ৰমেন্দ্ৰ নাৰায়ণ কলিতাই আশা ব্যক্ত কৰিছে । উল্লেখযোগ্য যে অগপ চৰকাৰৰ দিনত দুবাৰকৈ মন্ত্রীৰ পদ অলংকৃত কৰা নিকা ভাৱমূৰ্তিৰ বুলি ৰাইজৰ মাজত বিশেষ পৰিচিত থকা ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ২০১৬ চনৰ নিৰ্বাচনত অভিলেখ পৰিমাণৰ ১,৩২,১৮৪ টা ভোট লাভ কৰিছিল ।

তাৰ বিপৰীতে নিকটতম প্ৰতিদ্বন্দী কংগ্ৰেছৰ ডঃ জুৰি শৰ্মা বৰদলৈয়ে লাভ কৰিছিল ৪২,২৭৪ টা ভোট । ৰাজনৈতিক সমীক্ষক সকলৰ মতে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে নিশ্চিত হোৱাৰ পাছত কলিতাই অধিক হাৰত ভোটদান হলে বিগত নিৰ্বাচনতকৈ অধিক ভোট লাভ কৰিব বুলি সম্ভাৱনা ব্যক্ত কৰিছে । সমান্তৰালভাৱে শাসকীয় চৰকাৰৰ বিধায়ক হোৱাৰ সূত্ৰে বিগত প্ৰায় পাঁচোটা বছৰত ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সমষ্টিটোৰ নগৰাঞ্চল – গ্ৰাম্যাঞ্চলৰ প্ৰতিটো চুকে-কোণে উন্নয়ন মূলক কাম-কাজৰ জৰিয়তে দল-মত নিৰ্বিশেষে সকলোৰে সমাদৰ লাভ কৰা বিষয়টো তেওঁৰ নিৰ্বাচনী প্ৰচাৰৰ এক ইতিবাচক দিশ হিচাপে পৰিগণিত হব বুলি ৰাজনৈতিক সমীক্ষক সকলে মত ব্যক্ত কৰিছে ।

Exit mobile version