মঙলদৈৰ তথাকথিত উন্নয়ন উদঙাইছে তালিপাৰা, কেওটপাৰা গাঁৱে

সাত মাহে নিৰ্মাণ নহ’ল কালভাৰ্ট

bedca481 d9d0 4b84 ab0f 1dc46a27e142

“বাহিৰে ৰং-চং, ভিতৰি কোৱাভাতুৰি” হৈ আছে মঙলদৈ বিধানসভা সমষ্টিৰ প্ৰকৃত ৰূপ ৷ কিয়নো সমষ্টিটোৰ বহু গাঁও-ভূই আজিও হৈ আছে আদিম যুগৰ দৰেই ৷ উল্লেখ্য যে মঙলদৈৰ কেতবোৰ অঞ্চলত উন্নয়নৰ সোঁত বোৱাৰ বিপৰীতে চৰাঞ্চল, গ্ৰামাঞ্চল বঞ্চিত হৈ আছে ৷ বিশেষকৈ চহৰাঞ্চলত যি হাৰত উন্নয়ন ঘটিছে তাৰ বিপৰীত দৃশ্য ঘটিছে গ্ৰামাঞ্চলত ৷ সেয়ে উন্নয়ন চহৰকেন্দ্ৰিক বুলি সমালোচনা চলিছে ৷ মঙলদৈৰ ডাঁহী মৌজাৰ তালিপাৰা গাঁওখনৰ দুৰৱস্থা বৰ্ণনাতীত ৷ গাঁওখনৰ লোকে অভিযোগ কৰা মতে উন্নয়নৰ নামত তেওঁলোকে পাইছে এটা বিৰাট “অশ্বডিম্ব” ৷

গাঁওখনৰ স’তে কে’বাটাও পথৰুৱা পথেৰে সংযোগ আছে যদিও এচোৱাৰ বাদে আনবোৰত এচপৰা মাটিও পৰা নাই ।শিল-বালি দূৰৈৰ কথা ৷ ফলত এজাক কিনকিনিয়া বৰষুণ দিলেই বোকাময় হৈ পৰে ৷ পৰিণতিত বৰষুণ দিলেই গাঁওখনৰ শিক্ষাৰ্থীয়ে বিদ্যালয়ত যোৱা বাদ দিবলগীয়া হয় ৷ স্থানীয় অভিভাৱকৰ মতে সৰু ল’ৰা-ছোৱালীয়ে চাইকেল লৈ গ’লে বোকাময় বাটত পিছলি খাল-দোঙত পৰাৰ আশংকাৰ বাবে ঘৰতে থাকিব দিয়ে ৷ আনকি মটৰচাইকেল উলিয়াব নোৱাৰাৰ বাবে চৰকাৰী কাৰ্যালয়ত যাবলৈ বাদ দি “নৈমিত্তিক ছুটি” লয় কৰ্মচাৰীয়ে ৷

আন আন চৰকাৰী সা-সুবিধাৰ পৰাও গাঁওখন হেজাৰ মাইল দূৰত ৷ আনহাতে জনাৰামচৌকাৰ নিকটৱৰ্তী কেওটপাৰা অৱস্থাও অতি দুৰৱস্থা ৷ জনাৰামচৌকা-ৰান্ধনিসত্ৰ গড়কাপ্তানি পথৰ পৰা কেওটপাৰাত সোমোৱা পথটোৰ সংযোগত থকা কালভাৰ্টটো বিগত বানত ছিগি যোৱাৰ সাত মাহ পাছতো পুনৰনিৰ্মাণ হোৱা নাই ৷ উক্ত গড়কাপ্তানি পথটোৰে জনাৰামচৌকা আৰু দেওমৰনৈৰ পোনপটীয়া যোগাযোগ থকা স্বত্বেও নিৰ্মাণৰ কানষাৰ নাই চৰকাৰী পক্ষৰ ৷ বাৰিষাৰ সময়ত বাঁহৰ সাকো দিয়া হৈছিল আৰু পাছত কাষত মাটিৰে পুতি সাময়িক ব্যৱস্থা লোৱা হৈছে ৷

বিগত সাত মাহে পথটোৰে কোনো গধুৰ গাড়ী সোমাব পৰা নাই ৷ আগন্তুক বাৰিষাৰ পূৰ্বে কালভাৰ্টটো নিৰ্মাণ নহ’লে দুৰ্যোগৰ সন্মূখীন হব লাগিব এক বৃহৎ এলেকাৰ লোক ৷ কেওটপাৰা গাঁৱৰ পথটোৱে প্ৰতিবছৰে ৰাইজক জ্বলা-কলা খুৱাই আহিছে ৷ গাঁওখনৰ যুৱক মলয় ডেকাই ক্ষোভেৰে কয় যে ৰাইজে বহুবাৰ বিধায়কক সানুনয় বিনয়েৰে পথটো সুচল কৰিবলৈ জনাই আহিছিল যদিও একো নকৰিলে ৷ অথচ বিধায়কৰ চেলা-চামুণ্ডাৰো অভাৱ নাই গাঁওখনত ৷

পঞায়ত প্ৰতিনিধিয়েও বালিত মূৰ গুজি আছে বুলি তেওঁ ক্ষোভ উজাৰে ৷ উল্লেখ্য যে বিগত বানপানীৰ সময়ত গাঁওখনৰ আন্তঃগাঁথনি তচনচ হৈ গৈছিল ৷ কিন্তু তাৰ কোনো মেৰামতি নহ’ল ৷ ৰাইজে অভিযোগ কৰা মতে গাঁওখন নতুনকৈ গঢ়া গাঁও হলে সেয়া সুকীয়া কথা আছিল ৷ কিন্তু প্ৰাচীন তথা ৰজাদিনীয়া গাঁও হোৱা স্বত্বেও কোনো চৰকাৰী সা-সুবিধা লাভ কৰা নাই ৷ আনকি খোৱা পানী টুপিৰ পৰাও গাঁওখন বঞ্চিত ৷ সেয়ে বিকাশ, প্ৰগতি, উন্নয়ন আদি শব্দবোৰ ৰাইজৰ বাবে একো একোটা সাথৰ মাথোন ৷ উন্নয়নৰ শ্ল’গানবোৰে কানত কাইটৰ দৰে বিন্ধে বুলি ৰাইজে ক্ষোভ উজাৰিছে ৷

Exit mobile version