লটাৰী খেলি বাছনি কৰিলে হ’বলগীয়া স্বামী

7 Easy steps to invest in gold for your wedding

আপুনি হয়তো পত্নী ভাগ্যৰ ফলত পোৱা কথা শুনিছে। কিন্তু আপুনি কেতিয়াবা লটাৰীত পত্নীক জয়ী হোৱাৰ কথা শুনিছে নে? শেহতীয়াকৈ, উত্তৰ প্ৰদেশৰ আম্বেদকাৰনগৰৰ এখন গাঁৱত এনে এক অদ্ভুত ঘটনা দেখা যায়। আম্বেদকাৰনগৰৰ তাণ্ড আৰক্ষী থানা অঞ্চলৰ এগৰাকী যুৱতী কিছুদিন পূৰ্বেই চাৰিজন যুৱকৰ স’তে পলাই যায় ।

যুৱতীগৰাকীয়ে ঘৰৰ পৰা পলায় গৈ এজন যুৱকৰ আত্মীয়ৰ ঘৰত আছিল। কিন্তু ঘটনাটো পোহৰলৈ অহাৰ লগে লগে তেওঁলোক গাওঁলৈ উভতি আহিবলৈ বাধ্য কৰা হয়। ইতিমধ্যে যুৱতীগৰাকীৰ পৰিয়ালে আৰক্ষী থানাত অভিযোগ দাখিল কৰিবলৈ সাজু যদিও গাওঁবাসীয়ে তেওঁলোকক আৰক্ষী থানাত অভিযোগ দাখিল কৰাত বাধা দিয়ে।

ঘটনাৰ সন্দৰ্ভত গাওঁখনত এখন পঞ্চায়ত সভা বহে। তাৰ পাছত যুৱতীগৰাকীৰ পৰিয়ালে প্ৰস্তাৱ দিয়ে যে চাৰিজন যুৱকৰ ভিতৰত যুৱতীগৰাকীয়ে এজন যুৱক বাছি তেওঁৰ স’তে বিবাহত বহিব পৰিব । কিন্তু সেই চাৰি জনৰ ভিতৰত কাৰ স’তে যুৱতীগৰাকীৰ বিয়া হ’ব তাক লৈ জটিলতা সৃষ্টি হয়।

কাৰণ যুৱতীগৰাকীয়ে সিদ্ধান্ত ল’ব পৰা নাছিল যে তেওঁ কাৰ লগত বিয়া হ’ব। উল্লেখযোগ্য যে যুৱতীগৰাকীয়ে চাৰিজন যুৱককে ভাল পাই। তেওঁ কোনজনক আটাইতকৈ বেছি ভাল পাইছিল সেয়া তেওঁ নিজে সিদ্ধান্ত ল’ব পৰা নাছিল। অৱশেষত পঞ্চায়ত বিষয়াসকলে সিদ্ধান্ত লয় যে চাৰি জন যুৱকৰ নামৰ কাগজখন এটা পাত্ৰত ৰখা হ’ব। চাৰিজনৰ মাজৰ পৰা বাছনি কৰা কাগজত নাম থকা ব্যক্তিজনে যুৱতীগৰাকীক বিয়া কৰিব।

পাত্ৰত থকা কাগজৰ এটা টুকুৰা গাঁৱখনৰ এটা শিশুক তুলিবলৈ কোৱা হয়। যুৱতীগৰাকীয়ে সেই কাগজত নাম থকা যুৱকজনৰ স’তেই বিয়া হয় ।লগতে গাওঁবাসীয়ে ছোৱালীজনীৰ ব্যক্তিগত বিষয়টো ওপৰত কোনো মন্তব্য নকৰি নীৰৱ হৈ আছে।

Exit mobile version