এটকাও নােহােৱাকৈ শ্বপিং !

বিল পৰিশােধ কৰক ১৫ দিন পাছত

b9911c1417e954f81a93d0c67989f6d1

শাসনভাৰ চম্ভালি লােৱাৰ দিন ধৰি ‘ডিজিটেল ভাৰত’ গঢ়াৰ শ্ল’গান দি আহিছে দেশৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে। সেই লক্ষ্যতে ক্রমশঃ আগবাঢ়ি গৈছে সমগ্র দেশ। ডিজিটেল জগতৰ এই গ্রাহকসকলক আকৃষ্ট কৰাৰ উদ্দেশ্যে নানা অফাৰ আগবঢ়াইছে বিভিন্ন ফিনটেক সংস্থাই।

বিভিন্ন কোম্পানীয়ে গ্রাহকৰ বাবে ‘বাই নাউ পে লেটাৰৰ দৰে আকর্ষণীয় সুবিধা আগবঢ়াইছে । প্রতিযােগিতাপূর্ণ এই বজাৰখনত আধিপত্য বিস্তাৰৰ লক্ষ্যৰে মােবিকুইক নামৰ ডিজিটেল ৱালেট সংস্থাটোৱেও ইটোৰ পাছত সিটো অফাৰ গ্রাহকলৈ আগবঢ়াই দিছে ।

দেশৰ অন্যতম বৃহৎ এই ফিনটেক সংস্থাটোৱে শেহতীয়াকৈ ‘বাই নাউ পে লেটাৰৰ দৰেই অনুৰূপ এক সুবিধা দিছে গ্রাহকক যাক নামকৰণ কৰা হৈছে ‘ জিপ’ (ZIP) বুলি। এই সেৱাৰ আওতাত কোম্পানীটোৱে ইয়াৰ উপভােক্তা বা ব্যৱহাৰকাৰীসকলক এক নির্দিষ্ট ক্রেডিট লিমিট প্রদান কৰে।

এই ক্রেডিট লিমিটৰ ভিতৰত উপভােক্তাই যিমান খৰচ কৰিব পাৰে আৰু ১৫ দিনৰ ভিতৰত ধন পৰিশােধ বা পেমেন্ট কৰাৰ সুযােগ পায়। মােবিকুইক ‘জিপ’ৰ মাধ্যমেদি যিমান পৰিমাণৰ ধন কোনাে এটা মাহৰ পহিলা তাৰিখৰ পৰা ১৫ তাৰিখৰ ভিতৰতু খৰচ কৰা হয় তাক বিল আহিব মাহটোৰ ১৬ তাৰিখে। বিল পৰিশােধৰ বাবে উক্ত মাহৰে ২০ তাৰিখ পর্যন্ত সময় দিয়া হয় উপভােক্তাক।

একেদৰে মাহৰ ১৫ তাৰিখৰ পৰা ৩০ বা ৩১ তাৰিখৰ ভিতৰত যিমান টকা খৰচ কৰা হয়। তাৰ বিল আহে পৰৱৰ্তী মাহৰ পহিলা তাৰিখে। নির্দিষ্ট সময়ৰ ভিতৰত বিল পৰিশােধ নকৰিলে অৱশ্যে জৰিমনা ভৰিব লাগিব গ্রাহকে। আনহাতে, মােবিকুইক ৱালেটততা এই ‘জিপ’ সেৱাৰ মাধ্যমেদি টকা সুমুৱাব পৰা যায়। মােবিকুইকৰ এই সেৱা সীমিত সংখ্যক গ্রাহকৰ বাবেহে উপলব্ধ।‘জিপ’ সেৱাৰ উপভােক্তাৰ ক্রেডিট লিমিট সম্পূর্ণকৈ নিৰ্ভৰ কৰে লেনদেনৰ ধৰণৰ ওপৰত।

ইয়াৰ বাদেও যিসকল ব্যৱসায়ীয়ে মােবিকুইকক অনলাইন পেমেন্ট প্রধান বিকল্প হিচাপে ব্যৱহাৰ কৰে তেওঁলােকে আমেৰিকান এক্সপ্ৰেছৰ ভাচুৱেল কাৰ্ডৰ মাধ্যমেৰেও ধন পৰিশােধ কৰিব পাৰে। এই সুবিধা গ্ৰহণ কৰিবলৈ হ’লে প্রথমে ‘জিপ’ৰ মাধ্যমেদি ৱালেটত টকা সুমুৱাব লাগিব। উল্লেখ্য যে মােবিকুইকৰ জৰিয়তে এমেজনতাে অনলাইন শপিং সম্ভৱ।

Exit mobile version