এদিনীয়া শিশুৰ বাবেও লাগিব আধাৰ কাৰ্ড !

1538162945 9069

যিকোনাে দৰকাৰী কামৰ ক্ষেত্ৰত আজি কালি প্রথমেই প্রয়ােজন হােৱা নথিবিধ হ’ল আধাৰ কার্ড। বেংক একাউন্ট খােলা, স্কুল বা কলেজত নামভর্তি কৰাৰ পৰা আৰম্ভ কৰি ঘৰ কিনা, গাড়ী কিনা সকলােতে বাধ্যতামূলকভাৱে দৰকাৰ হয় আধাৰ কাৰ্ডখন। তাৰ উপৰি চৰকাৰী যিকোনাে সুবিধা পাবলৈ হলেও আধাৰ কাৰ্ডখন লাগিবই।

কেৱল প্রাপ্তবয়স্কৰ ক্ষেত্ৰতেই নহয়, এদিনীয়া বয়সৰ শিশুৰ বাবেও সমানেই জৰুৰী হৈ পৰিছে এই গুৰুত্বপূর্ণ নথি থকাটো । এনে শিশুৰ অভিভাৱকসকলৰ সুবিধার্থে শেহতীয়াকৈ আধাৰ কর্তৃপক্ষ ইউআইডিএআই (UIDAI)ৰ তৰফৰ পৰা টুইট যােগে ঘােষণা কৰা হৈছে যে শিশুৰ বয়স এদিন হলেই এতিয়াৰে পৰা আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব পৰা যাব।

ইমান দিনে ইউআইডিএআয়ে কেৱল পাঁচ বছৰৰ ওপৰৰ শিশুসকলৰ বাবেহে আধাৰ কার্ড ইস্যু কৰিছিল, যাক ‘বাল আধাৰ কার্ড’ নামেৰে জনা যায়। পাঁচ বছৰৰ কম বয়সৰ কেনেদৰে কৰিব আবেদন ?

শিশুৰ বাবে আধাৰ কাৰ্ডৰ আবেদন কৰিবলৈ হ’লে প্রথমেই দৰকাৰ হ’ব জন্মৰ প্রমাণপত্র যাক সাধাৰণতে শিশুটি জন্ম হােৱা চিকিৎসালয় কর্তৃপক্ষই প্রদান কৰে। ইয়াৰ বাদেও দৰকাৰ হয় পিতৃ বা মাতৃৰ আধাৰ কার্ড। কিছুমান চিকিৎসা প্রতিষ্ঠানে আজি কালি নিজাববীয়াকৈও সদ্যোজাত শিশুৰ আধাৰ কাৰ্ডৰ আবেদন কৰা দেখা যায়।

মন কৰিবলগীয়া যে সদ্যোজাতৰ আধাৰ কার্ড তৈয়াৰৰ সময়ত প্রাপ্তবয়স্কৰ দৰে বায়ােমেট্রিক তথ্য লােৱ নহয় যিহেতুকে শিশুৰ বিকাশৰ লগে লগে এই বায়ােমেট্রিক তথ্যসমূহ পৰিৱৰ্তন হৈ থাকে।

Exit mobile version