কৰ’নাৰ মাজতাে অর্বুদপতিৰ সংখ্যা বাঢ়িছে ভাৰতত

maxresdefault 1

কৰ’না মহামাৰীয়ে লাখ লাখ মানুহৰ ধন-জন নাশ কৰিলেও তাৰ মাজতে ভাৰতত বৃদ্ধি পাইছে অবুদপতিৰ সংখ্যা । ২০১৯ৰ শেষত আমাৰ দেশত শত কোটিপতিৰ সংখ্যা আছিল ১০৪জন। এই সংখ্যা ২০২০ৰ শেষ পর্যন্ত বৃদ্ধি হৈছে ১১৩ জন।

বিশ্বপ্রসিদ্ধ গৱেষণা সংস্থা নাইট ফ্রাংকৰ ‘দ্য ৱেলথ ৰিপ’ৰ্ট-২০২১’ শীর্ষক প্রতিবেদন প্রকাশ পাইছে এই তথ্য। প্রতিবেদনত এই বুলিও পূর্বানুমান কৰা হৈছে যে ২০২৫ পর্যন্ত ভাৰতত শত কোটিপতি সংখ্যা আৰু ৪৩ শতাংশ বাঢ়িব। মুঠ ১৬২জন অবুদপতিৰ বাসস্থান হৈ পৰিব ভাৰত।

অৱশ্যে কৰ’নাৰ বাবেই যােৱাটো বৰ্ষত হাই নেট ৱৰ্থ ইনডিভিজুৱেলছ (এইছএনডব্লিউআই) শ্ৰেণীৰ অর্থাৎ মুঠ সম্পত্তিৰ পৰিমাণ ১০ লাখ ডলাৰতকৈ বেছি আৰু হাই নেট ৱৰ্থ ইনডিভিজুৱেলছ । (এইচএনডব্লিউআই) শ্ৰেণীৰ অর্থাৎ তিনি কোটি ডলাৰতকৈ বেছি থকা ভাৰতীয়ৰ সংখ্যা হ্রাস পাইছে । ২০১৯ৰ তুলনাত ২০২০ত এইছএনডব্লিউআইৰ সংখ্যা কমিছে প্রায় ৩.৫ লাখ।

একেদৰে ইউএইছএনডব্লিউআইৰ সংখ্যাও কমিছে ৬,৮৮৪জন। কৰ’নাৰ প্ৰভাৱ শাম কটাৰ পাছত পৰিস্থিতি ভাল হলে অহা চাৰি বছৰৰ ভিতৰত অর্থাৎ ২০২৫ পর্যন্ত এইচএনডব্লিউআইৰ সংখ্যা ৭৫ শতাংশ বৃদ্ধি হৈ ৬.১ লাখ পর্যন্ত বৃদ্ধি পাব বুলি পূর্বানুমান কৰা হৈছে প্রতিবেদন।

Exit mobile version