নিজৰ জন্ম দিনত প্ৰয়াত মাতৃক সোৱঁৰিলে বলিউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰে

Janhvi Kapoor1

শনিবাৰে ২৪ বছৰত ভৰি দিলে বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰয়াত শ্ৰীদেৱীৰ জ্যেষ্ঠ কন্যা জাহ্নৱী কাপুৰে। জাহ্নৱীয়ে ২০১৮ চনত ‘ধড়ক’ৰ জৰিয়তে বলিউডত প্রথম খোজ দিছিল । অভিনেত্ৰীগৰাকীৰ হাতত ইতিমধ্যে একাধিক ছবি আছে। য’ত ৰাজকুমাৰ ৰাও অভিনীত ‘ৰুহি’ এতিয়া চৰ্চাত আছে ।

কিন্তু জাহ্নৱী অসন্তুষ্ট কিয়নো তেওঁৰ প্ৰথম ছবি মুক্তিৰ পোৱাৰ আগতেই শ্ৰীদেৱীৰ মৃত্যু হৈছিল।

অভিনেত্ৰীগৰাকীৰ স’তে হোৱা এক সাক্ষাৎকাৰত তেওঁ মাতৃক মনত পেলাই আৰু কয় “মই প্ৰাৰ্থনা কৰোঁ যে মই মোৰ কামৰ জৰিয়তে মানুহৰ মন জয় কৰিব পাৰো লগতে মোৰ মাক-দেউতাই মোৰ কামৰ বাবে যাতে গৌৰৱান্বিত কৰিব পাৰে। ”

কেনেকুৱা আছিল জাহ্নৱীৰ স’তে মাতৃৰ সম্পৰ্ক ? কৰণ জোহৰৰ এটা শ্ব’ত সেই বিষয়ে কলে অভিনেত্ৰী জাহ্নৱীয়ে। শ্ৰীদেৱীয়ে কেতিয়াও তেওঁৰ জ্যেষ্ঠ কন্যাক অভিনয়ৰ পৃথিৱীলৈ অহাটো বিচৰা নাছিল। শ্ৰীদেৱীয়ে ভাবিছিল জাহ্নৱী এগৰাকী অতি কোমল মনৰ ছোৱালী আৰু কিন্তু ফ্লিম উদ্যোগত কাম কৰিবলৈ কঠিন হ’ব লাগে।

জাহ্নৱীৰ পৰিৱৰ্তে তেওঁ সৰু ছোৱালী খুছি কাপুৰক অভিনেত্ৰী হিচাপে চাব বিচাৰিছিল। কিন্তু আজি পৰিস্থিতি বিপৰীত হ’ল। জাহ্নৱী এগৰাকী সফল অভিনেত্ৰী।

Exit mobile version