প্লেটফর্ম টিকটৰ দাম পাঁচগুণ বাঢ়িল !

962156 jodhpur station telangana train may

কৰ’না মহামাৰীৰ ভয়াবহতা সম্পূৰ্ণৰূপে শাম কটাৰ লক্ষণ দেখা নৌপাওঁতেই এতিয়া মূল্যবৃদ্ধিৰ প্রকোপত বাৰুকৈয়ে জ্বলা-কলা খাইছে দেশবাসীয়ে। নিত্য প্রয়ােজনীয় সামগ্ৰীৰ দাম বঢ়াৰ সমান্তৰালভাৱে কৰ’না কালত পৰিবহণ খৰচো দিনক দিনে বাঢ়িব লাগিছে।

তাৰ মাজতে ভাড়া বৃদ্ধিৰ প্রকোপ পৰিছে ৰেলযাত্ৰীৰ খৰচতাে। যােৱা মাৰ্চৰ শেহৰ পৰাই দেশত দূৰণিবটীয়া ৰেলসেৱা প্রায় বন্ধ হৈ থকাৰ দৰেই যদিও বিশেষ ৰেলগাড়ীৰ চলাচল জাৰি আছে। এনে পৰিস্থিতিত ৰেলগাড়ী আৰু ষ্টেছনৰ ছেনিটাইজেছনৰ লগতে অন্যান্য কাৰণত ৰেল বিভাগৰ আভ্যন্তৰীণ খৰচ বৃদ্ধি হােৱাৰ পৰিপ্ৰেক্ষিততে কে’বাবাৰাে ভাড়া বৃদ্ধি কৰিছে বিভাগটোৱে।

ভাড়া বঢ়োৱাৰ পাছত শেহতীয়াকৈ আকৌ বিভাগটোৱে একাধিক গুৰুত্বপূৰ্ণ ষ্টেছনৰ প্লেটফর্ম টিকটৰ দাম ১০ টকাৰ পৰা পাঁচ গুণ বৃদ্ধি।কৰি ৫০ টকা কৰিছে। ক’ভিড সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ষ্টেছনত অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ স্বাৰ্থতে এই পদক্ষেপ লােৱা বুলি জনাইছে ৰেল কর্তৃপক্ষই। চলিত বছৰৰ ১৫ জুন পর্যন্ত এই বর্ধিত হাৰত প্লেটফর্ম টিকটৰ দাম লােৱা হ’ব যাত্রীৰ পৰা।

স্মর্তব্য, মাত্র দুটামান দিন পূর্বে কম দূৰত্বৰ দূৰণিবটীয়া যাত্রীবাহী ট্রেইনৰাে ভাড়া বৃদ্ধি কৰাৰ কথা ঘােষণা কৰিছিল ৰেল বিভাগে।

Exit mobile version