হাউলীত আৰক্ষী আৰু পেৰা মিলিটেৰী ফ’ৰ্চৰ ৰ’ড মাৰ্চ

WhatsApp Image 2021 03 07 at 6.04.01 PM

অন‍্য জিলাৰ দৰে বৰপেটা জিলা প্ৰশাসনো বিধানসভা নিৰ্বাচনক লৈ সষ্টম হৈ পৰিছে । নিৰ্বাচনৰ পূৰ্বে জিলাখনত যাতে কোনো ধৰণৰ আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে জিলাখনৰ ঠায়ে ঠায়ে নাকা চেকিং, পেট্ৰ’লিং, ৰ’ডমাৰ্চ আৰম্ভ কৰিছে আৰক্ষীয়ে ৷

আজি বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকাৰ নেতৃত্বত হাউলী চহৰত আৰক্ষী আৰু পেৰা মিলিটেৰী ফ’ৰ্চে ৰ’ড মাৰ্চত অংশগ্ৰহণ কৰে ৷ আজিৰ কাৰ্যসূচীত বৰপেটাৰ উপ আৰক্ষী অধীক্ষক মদন চন্দ্ৰ কলিতা, হাউলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিত বৰুৱাৰ লগতে অৰ্ধ সামৰিক বাহিনীয়ে অংশগ্ৰহণ কৰে।

Exit mobile version