ৰপ্তানিত দুই দশকৰ ৰেকৰ্ড ভংগ কৰিলে চীনে

বিপুল বৃদ্ধি মাস্ক, বৈদ্যুতিক সামগ্ৰী

exports getty

কৰ’না ভাইৰাছৰ ফলত সমগ্ৰ বিশ্বতে বৰ্তমানেও মন্দাৱস্থা সুস্থিৰ হোৱা নাই । অথচ যিখন দেশ ভাইৰাছৰ উৎপত্তি স্থল, সেই চীনৰ ৰেকৰ্ড ভংগকাৰী ৰপ্তানি বৃদ্ধি পাইছে । আজি প্ৰকাশিত চৰকাৰী তথ্য অনুসৰি, ৰপ্তানিত দুই দশকৰ ৰেকৰ্ড ভংগ কৰিছে বেইজিঙে । লগতে বৃদ্ধি পাইছে আমদানিও ।

বিশ্বত আটাইতকৈ কম মূল্যত বৈদ্যুতিক সামগ্ৰী বিক্ৰী কৰে চীনে । কৰ’না অতিমাৰীৰ ফলত ‘ৱৰ্ক ফ্ৰম হোম’ বৃদ্ধি পাইছে বিশ্বত । সেয়ে বৈদ্যুতিক সামগ্ৰীৰ চাহিদাও বৃদ্ধি পাইছে । এই বজাৰৰ সৰহ অংশ আধিপত্য কৰি আছে চীনে । ফলত চীনৰ ৰপ্তানি বৃদ্ধি পাইছে । ইপিনে, কৰ’নাৰ স’তে যুঁজ দিবলৈ মাস্ক আৰু অন্যান্য চিকিৎসা সামগ্ৰীৰ ৰপ্তানিও বৃদ্ধি পাইছে লক্ষ্যণীয়ভাৱে ।

আজি আমদানি-ৰপ্তানিৰ জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰিসংখ্যা প্ৰকাশ কৰিছে ছি জিনপিং প্ৰশাসনে । পৰিসংখ্যা অনুসৰি, এই দুই মাহে বিগত বৰ্ষৰ তুলনাত ৰপ্তানি বৃদ্ধি পাইছে ৬০.৬ শতাংশ । ইয়াৰ ভিতৰত বৈদ্যুতিক সামগ্ৰীৰ ৰপ্তানি বৃদ্ধি পাইছে ৫৪.১ শতাংশ । মাস্ক, চিকিৎসা সামগ্ৰীসহ বস্ত্ৰশিল্প ক্ষেত্ৰত এই বৃদ্ধি ৫০.২ শতাংশ । আনহাতে, আমদানি বৃদ্ধি পাইছে ২২.২ শতাংশ ।

Exit mobile version