অসম বিধানসভা নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰি নিৰ্বাচনত অৱতীৰ্ণ হ’ব কেপিপি

1a1d0dda 58f1 4b49 9674 c492180bcb6a

কোচৰাজবংশী জাতি জনগোষ্ঠীৰ আবেগ আৰু অনুভূতিক লৈ গঠন হোৱা ৰাজনৈতিক দল কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি চমুকৈ কেপিপিয়ে এই বেলি অসম বিধানসভা নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি আজি এক প্ৰেছ বিবৃতিত কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি (কেপিপি)ৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ে জানিবলৈ দিয়ে ।

উক্ত প্ৰেছ বাৰ্তাতেই কেপিপিৰ সাধাৰণ সম্পাদকজনে কয় যে, যোৱা এক মাৰ্চত শিলিগুৰিত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় সাধাৰণ সভাৰ সিদ্ধান্ত অনুসৰি ২০২১ৰ বিধানসভা নিৰ্বাচনত কেপিপিৰ ফালৰ পৰা ধুবুৰী, গৌৰীপুৰ, গোলোকগঞ্জ, বিলাসীপাৰা পশ্চিম, বিলাসীপাৰা পূব, বঙাইগাঁও, অভয়াপুৰী দক্ষিণ, অভয়াপুৰী উত্তৰ, সৰভোগ, ভবানীপুৰ, গোসাইগাওঁ, বিজনি, তামুলপুৰ, পাটাছাৰকুছি, গোৱালপাৰা পূব আৰু গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা হ’ব।

এই বিধানসভা সমষ্টি কেইটাত প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰা প্ৰাৰ্থীৰ তালিকা ইতিমধ্যে কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰা হৈছে । কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনা অনুসৰি অহা ১৪ মাৰ্চত প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা হ’ব বুলি সাধাৰণ সম্পাদকগৰাকীয়ে জানিবলৈ দিয়ে।

ইফালে একেটা বিবৃতিত কেপিপি সাধাৰণ সম্পাদকগৰাকীয়ে শাসকীয় বিজেপি দল আৰু বিৰোধী কংগ্ৰেছ দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে । সাধাৰণ সম্পাদকগৰাকীয়ে কয়, ‘বৰ্তমান শাসনাধিষ্টিত বিজেপি দলে কামতাপুৰী সমাজৰ কোনো সমস্যাৰ স্থায়ী সমাধান নকৰিলে; বৰঞ্চ তেওঁলোকে বিৰোধী কংগ্ৰেছৰ নীতি অৱলম্বন কৰি কামতাপুৰীসকলক ৰাজনৈতিকভাৱে নিঃশেষ কৰা ষড়যন্ত্ৰত লিপ্ত হোৱা পৰিলক্ষিত হৈছে । কেন্দ্ৰ আৰু ৰাজ্যত নেতৃত্বাধীন বিজেপি দলৰ চৰকাৰখনে অসমৰ কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ, কামতাপুৰী ভাষাৰ ৰাষ্ট্ৰীয় স্বীকৃতি আদি কোনো এটা বিষয়ৰে সঠিক সমাধান নকৰিলে। গতিকে সমাগত বিধানসভা নিৰ্বাচনত দুয়োটা ৰাজনৈতিক দলকে এক উপযুক্ত শিক্ষা দিয়া হ’ব ।’

লগতে ৰায়ে উল্লেখ কৰে যে, কেপিপিয়ে প্ৰক্ষেপ কৰা প্ৰাৰ্থীসকলক নিৰ্বাচিত কৰি কোচ কামতাপুৰীৰ সমস্যা সমাধানৰ দাবী জনায় ।

Exit mobile version