অসম মেঘালয় সীমান্তৱৰ্তী বকো সমীপৰ গড়বান্ধা পানী পাহাৰত গুলীবিদ্ধ বনৰীয়া হাতী উদ্ধাৰ

বনবিভাগৰ হাতত মজুত নাই প্ৰয়োজনীয় চিকিৎসাৰ সা সুবিধা

b68e18a9 171b 4547 b26c 5a19d6bc6590

অসম মেঘালয় সীমান্তৱৰ্তী বকো হাহিমৰ সমীপৰ গড়বান্ধা পানী পাহাৰত চাঞ্চল্যকৰ ঘটনা। পানী পাহাৰৰ ঘনজংগলৰ মাজত উদ্ধাৰ গুলীবিদ্ধ এটা বনৰীয়া হাতী ।

বিগত তিনি সপ্তাহ ধৰি মৃত্যু যন্ত্ৰনাত চটফটাই আছে এটা বন্য হস্তী। চাৰিখন ভৰি,চকুৰ কাষত গুলিৰে আঘাতপ্ৰাপ্ত কৰিছে হস্তীটোক।দেওবাৰে স্থানীয় লোকৰ খবৰৰ ভিত্তিত বন বিভাগে আঘাতপ্ৰাপ্ত বন্য হস্তীটোক চাইয়ে দায়ত্ব সামৰে।

বনবিভাগৰ হাতত উপযুক্ত চিকিৎসাৰ যাবতীয় ব্যৱস্থাৰ সুবিধা নাই বুলি কয় স্থানীয় ৰাইজক। আজিও বন্য হস্তীটো যন্ত্ৰণাত চটফটাই থকা দেখা গ’ল। বনবিভাগ আহি কিন্তু উপস্থিত নহল আঘাতপ্ৰাপ্ত বন্য হস্তীটোৰ কাষত।

ইফালে সমগ্ৰ ঘটনা সৰ্ন্দভত স্থানীয় লোকে বন বিভাগক অৱগত কৰে যদিও ঘটনাস্থলীত দেওবাৰে উপস্থিত হৈয়ে দায়িত্ব সামৰে বন বিভাগকে ।

বৰ্তমানেও চিকিৎসাৰ ব্যৱস্থা কৰা নাই বিভাগটোয়ে ।হাটীটোৰ দাঁত কাটি নিয়াৰ পৰিকল্পনা কৰিছিল দুৰ্বৃত্তই। তিনি সপ্তাহ ধৰি স্থানীয় লোকে প্ৰত্যক্ষ কৰে আঘাতপ্ৰাপ্ত বন্য হস্তীটো।

Exit mobile version