কৰ নিদিয়াকৈ পথত চলি থকা বাহনৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগৰ অভিযান

212831b7 f10c 454c be12 e560c4ba4977

অসম চৰকাৰৰ পৰিবহন আয়ুক্তই ৰাজ্যৰ সকলো জিলা পৰিবহন বিষয়াক বিভাগক যাৱতীয় কৰ কাটল আদায় নিদিয়াকৈ পথত চলি থকা বাহনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে । এই নিৰ্দেশনাৰ আধাৰত গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ে ছয় মাৰ্চৰ পৰা মহানগৰীৰ বিভিন্ন পথত কৰ আদায় নিদিয়াকৈ চলি থকা বাহনৰ বিৰুদ্ধে বিশেষ অভিযান আৰম্ভ কৰিছে ।

জিলা পৰিবহন বিষয়াদ্বয় গৌতম দাস আৰু হিমাংশু দাসৰ নেতৃত্বত যান-বাহন পৰিদর্শক আৰু প্ৰৱৰ্তক পৰিদর্শকৰ দলে বিগত দুদিনত ভূতনাথ , গণেশগুৰী , খানাপাৰা , এ বি চি পইণ্ট , খ্ৰীষ্টানবস্তি আদিত চলোৱা অভিযানত পৰিবহন বিভাগক যাৱতীয় কৰ আদায় নিদিয়াকৈ চলি থকা বিভিন্ন মডেলৰ শতাধিক ব্যৱসায়ীক বাহন ধৰা পেলাই ।

লগতে মটৰ পৰিবহন আইন অমান্য কৰি চলি থকা বহু বাহনো ধৰা পেলাই অভিযানকাৰী দলে । কৰ আদায় নিদিয়া আৰু আইন অমান্য কৰা বাহন সমূহৰ পৰা জৰিমনা সংগ্ৰহ কৰা হয় ।

জিলা পৰিবহন বিষয়া গৌতম দাসে জানিবলৈ দিয়া মতে, জিলাখনত পঞ্জীয়নভুক্ত যিসকল বাহনৰ গৰাকীয়ে এতিয়াও বিভাগক কৰ আদায় দিবলৈ বাকী আছে তেওঁলোকক অহা ৩১ মাৰ্চৰ ভিতৰত কৰ আদায় দিবলৈ আহ্বান জনোৱা হৈছে । অন্যথা বিভাগীয় জৰিমনাৰ সন্মুখীন হ’ব লাগিব বাহনৰ গৰাকীয়ে ।

Exit mobile version