দোতমাত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন

pixabay international womens day 1200

কোকৰাঝাৰ জিলাৰ অন্তৰ্গত দোতমা বজাৰত নিখিল বড়ো ছাত্র সন্থাৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয় । উক্ত অনুষ্ঠানত উপস্থিত থাকে এবছুৰ দোতমা আঞ্চলিকৰ সভাপতি সঞ্জীত কুমাৰ ব্ৰহ্মৰ লগতে এবছুৰ অন্যান্য বিষয়ববীয়াসকল ।

ADVERTISEMENT

অনুষ্ঠানত উপস্থিত থাকি এবছুৰ সভাপতি সঞ্জীত কুমাৰ ব্ৰহ্মই ভাষণ প্ৰসংগত কয় যে, পুৰুষসকলৰ সমানেই মহিলা সকলো শক্তিশালী হ’ব লাগে । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলা সবলিকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । সেইবাবে মহিলাসকলেও ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি আহ্বান জনায়।

আজিৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা আঠ বজাত পতাকা উত্তোলনেৰে অনুষ্ঠান আৰম্ভ কৰে সঞ্জীত কুমাৰ ব্ৰহ্মই। ইয়াৰ পাছত এখন আলোচনা সভা অনুষ্ঠিত কৰা হয় ।

Exit mobile version