পাঠশালাত আন্তৰ্জাতিক নাৰী দিৱসত বিনামূলীয়া চিকিৎসা সেৱা

6033369169133568

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনাই এক ব্যতিক্ৰমী সেৱাৰ মনোভাবেৰে ওলাই আহিল পাঠশালাৰ কৃষ্ণনগৰ মহিলা সমিতি ৷ আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ৰাখি পাঠশালাৰ আজাদ ভৱনত মহিলাসকলে আয়োজন কৰে এক বিনামূলীয়া চিকিৎসা শিবিৰ৷

শিবিৰটোত প্ৰায় অৰ্ধশতাধিক লোকক চিকিৎসা প্ৰদান কৰে নলবাৰী অসামৰিক চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডা: দিপ্তী চৌধুৰী আৰু পাঠশালা মদন ৰাউতা অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডা: হিতেশ তালুকদাৰে ৷

আস্থা ফাউণ্ডেচনৰ সহযোগত আয়োজন কৰা এই চিকিৎসা শিবিৰত শৰীৰৰ কেলচিয়াম, হিমগ্ল’বিন, ৰক্তচাপ আৰু ডায়েবেটিচ নিৰ্ণায়ৰ উপৰি স্পাইৰ’মেট্ৰি কৰাৰ ব্যৱস্থা কৰা হয় ৷ এই চিকিৎসা শিবিৰৰ পাছতে মহিলা সমিতিৰ সভানেত্ৰী দীপাৱলী দেৱীৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন সভা ৷

কৃষ্ণনগৰ মহিলা সমিতিৰ সম্পাদিকা দীপা তালুকদাৰে আঁত ধৰা সভাখনত চিকিৎসক ডা: হিতেশ তালুকদাৰ, সৰুপেটাৰ বি এইচ বি কলেজৰ অধ্যক্ষ ড৹ বিৰিঞ্চি কুমাৰ দাস, চিকিৎসক ডা: দিপ্তী চৌধুৰী, পাটাছাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ভুপেশ শৰ্মাই আন্তৰ্জাতিক নাৰী দিৱস সন্দৰ্ভত বক্তব্য প্ৰদান কৰে৷

Exit mobile version