ব্যৱসায়ৰ ছহেজাৰ নিয়ম প্রত্যাহাৰ কৰিব কেন্দ্রই

The Minister of State for Commerce Industry Independent Charge Smt. Nirmala Sitharaman addressing a press conference in New Delhi on October 14 2016

নতুন বিনিয়ােগ,কাৰখানা নির্মাণ বা ব্যৱসায়িক ক্ষেত্ৰত প্রায় ছহেজাৰ চৰ্তপূৰণৰ বাধ্যবাধকতা প্রত্যাহাৰ কৰিব বিচাৰিছে মােদী চৰকাৰে। উদ্যোগ মহলৰ স’তে বাজেট প্রসংগত আলােচনা কৰাৰ পাছত প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে জনায়, ‘আমাৰ প্ৰচেষ্টা হৈছে উদ্যোগ কোম্পানীসমূহৰ ওপৰৰ পৰা ছহেজাৰ নিয়মৰ বােজা হ্রাস কৰা।

উদ্যোগ কোম্পানীসমূহে নিজাকৈ নিয়ম পালন কৰিব, নিয়ম পালন কৰা হৈছে বুলি জনাই দিব; আগন্তুক দিনত এই ধৰণৰ ব্যৱস্থাই সৃষ্টি হ’ব। ক’ভিড-বিধ্বস্ত অর্থনীতি সতেজ কৰাৰ বাবে বাজেটত উৎপাদন বৃদ্ধি কৰিবলৈ বিভিন্ন ক্ষেত্ৰত উৎসাহ ভাট্টা দিয়াৰ কথা কেন্দ্রই ঘােষণা কৰিছে।

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে জনাইছে যে আগন্তুক পাঁচ বছৰত দুই লক্ষ কোটি টকা ব্যয় কৰা হ’ব অথচ ইয়াৰ এটা টকাৰ দায়ে দাতাসকলৰ ওপৰত বােজাই কৰা নহ’ব। মানুহৰ পৰা টকা।সংগ্রহ নকৰি ৰাজহৰ পৰা আৰু ঋণ লৈ এই উৎসাহ ভাট্টাৰ যােগাৰ কৰিব চৰকাৰে।প্রধানমন্ত্রীয়ে এই প্ৰসংগত উদ্যোগ মহলৰ স’তে হােৱা আলােচনা কয়, “আমাৰ আশা, এই প্ৰকল্পৰ ফলত আগন্তুক পাঁচ বছৰত ৫২ হেজাৰ কোটি ডলাৰ মূল্যৰ উৎপাদন বাঢ়িব।

অৱশ্যে নীতি আয়ােগে মন্তব্য কৰিছে কত ব্যৱসায় কৰাটো কিমান সহজ, এই বিষয়ত বিশ্ব বেংকৰ তালিকাত মােদী চৰকাৰৰ আমােলত ভাৰতৰ বহুখিনি উন্নতি ঘটিছে।২০১৪ত ভাৰত আছিল ১৪২ নম্বৰত, কিন্তু ২০১৯ত ৬৩ সংখ্যক স্থানলৈ উন্নীত হ’বলৈ সক্ষম হয়। কিন্তু এতিয়াও চুক্তি কার্যকৰ কৰা,সম্পত্তিৰ পঞ্জীয়ন, আন্তর্জাতিক লেনদেন আৰু ব্যৱসায় আৰম্ভ কৰাৰ ক্ষেত্ৰত ৰঙা ফিটাৰ ফান্দৰ নিৰিখত ভাৰত পিছুৱাই আছে।

কেন্দ্রতে কেৱল নহয়, ৰাজ্যসমূহতাে নানা অনুমতি, নিয়ম পালন কৰিবলগীয়া হয় ব্যৱসায়িক প্রতিষ্ঠানসমূহে। নীতি আয়ােগৰ পৰা ইতিমধ্যেই ৰাজ্যসমূহক অপ্রয়ােজনীয় নিয়ম-বিধিসমূহ চিনাক্ত কৰিবলৈ প্রেৰণ প্রধানমন্ত্রীয়ে কয়, ‘উৎসাহ ভাট্টা দিয়াৰ বাবে ১৩টা ক্ষেত্ৰক চিহ্নিত কৰা হৈছে।অটম’বাইল, ঔষধ উদ্যোগত দেশত উৎপাদন বাঢ়িলে বিদেশৰ ওপৰত নিৰ্ভৰশীলতা হ্রাস পাব। তথ্য-প্রযুক্তিৰ হার্ডৱেৰ আৰু টেলি যােগাযােগ সন্ত্রাংশতাে উৎসাহ ভাট্টা পালে বিপুল উৎপাদন বাঢ়িব। কেৱল এই দুটা ক্ষেত্ৰৰ পৰাই প্রায় দুই কোটি টকাৰ পণ্য ৰপ্তানি হ’ব।

Exit mobile version